শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / বিশ্বৰ সকলোতকৈ দামী ভোদকা বটল চুৰি

বিশ্বৰ সকলোতকৈ দামী ভোদকা বটল চুৰি

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ:বৰ্তমান সময়ত কিছুসংখ্যকৰ বাবে সুৰাপান এক বৃত্তি হিচাপে পৰিগণিত হৈছে।বহুতে আকৌ যুগৰ লগত চলিবলৈ পান কৰে এই বিশেষ পানীয়।ভোদকাও হৈছে তেনে এবিধ পানীয়। এই ভোদকাৰ দাম বাৰু কিমান হ’ব পাৰে!!কিছুসংখ্যকে যিহেতু পান কৰে এই বিশেষ পানীয়বিধ, হয়তো এইবিধৰ দাম বেছি নহ’ব হয়নে?

আপোনালোকে ঠিকেই ভাবিছে সীমিত দামতেই পোৱা যায় এই পানীয়বিধ।কিন্তু শেহতীয়াকৈ বিশ্বৰ সকলোতকৈ দামী ভোদকা বটল পোৱা গৈছে ডেনমাৰ্কত, যাৰ দাম হৈছে ৮.২৫ কোটি টকা।লক্ষণীয় বিষয় যে, এই বটলটো ইতিমধ্যে চুৰিও হৈছে। বটলটো ডেনমাৰ্কৰ ‘কেফে ৩৩’ অত ৰখা হৈছিল।ৰুছৰ কোম্পানী “ডাৰ্টজ মটৰ্জ” এ বনোৱা উক্ত ভোদকাবিধৰ নাম আছিল ৰুছো বাল্টীকোই ভোদকা।

উল্লেখ্য,এই ভোদকাৰ বটলটো সোণ আৰু ৰূপেৰে নিৰ্মিত আছিল।কেফে ৩৩ অৰ স্বত্বাধিকাৰী ব্ৰিয়ান এনবাৰ্গে ফেচবুকত এইবিষয়ে কোনো দুৰ্বৃত্তই কেফেৰ চাবি চুৰি কৰি উক্ত ঘটনাটো সংঘটিত কৰে বুলি জনায়।এতিয়া সমগ্ৰ বিশ্বতেই এই ঘটনা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*