অসম

বিহালীত ধাৰাবাহিক সন্ত্ৰাস অব্যাহত বন্যহস্তীৰ

প্ৰথম খবৰ,বৰগাং:বিহালীত ধাৰাবাহিকভাৱে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস৷ সংৰক্ষিত বিহালী বনাঞ্চলৰ পৰা খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ দলে ক্ৰমাৎ ধাৰণ কৰিছে সংহাৰী ৰূপ৷ বিগত দিনসমূহৰ দৰে যোৱা নিশা প্ৰায় ৫০ জনীয়া বন্যহস্তীৰ দল এটাই বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলী গাঁৱত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে এটা বাসগৃহ৷ জানিব পৰামতে,বৰাজুলী গাঁৱৰ ইন্দ্ৰ বাহাদুৰ মগৰ নামৰ লোক জনৰ বাসগৃহ লণ্ডভণ্ড কৰে৷ ইফালে,সৌভাগ্য ক্ৰমে বন্যহস্তী দলটোৰ আক্ৰমনৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালটোৰ সদস্য সকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close