শেহতীয়া
Home / অসম / বিহালীৰ বৰগাং নদীৰ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

বিহালীৰ বৰগাং নদীৰ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ,বৰগাং:আজি বিহালীৰ বৰগাং নদীৰ ভয়াবহ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধানৰ দাবীত গৰাখনীয়া প্ৰতিৰোধ সমিতি বৰভীলৰ সভাপতি টিপু কূৰ্মী,সম্পাদক মুকেশ চামচীৰ স্বাক্ষৰিত স্মাৰক পত্ৰ স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্তলৈ এক চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰক পত্ৰত উল্লেখিত দাবী সমুহ ক্ৰমে,বৰগাং নদীৰ গৰাখহনীয়াৰ স্থায়ী সমস্যা সমাধান,ইতিপূৰ্বে গৰাখহনীয়াত গৃহহীন হৈ অত-ত’ত আশ্ৰয় লৈ অহা ক্ষতিগ্ৰস্ত লোকসকলক সংস্থাপন প্ৰদান,বৰগাং নদী বুকুত পাৱাৰ গ্ৰীড কৰ’পৰেশ্বন নাম সংস্থাই নিৰ্মাণ কৰা বিশালাকৃতি ৪ টা পীলাৰ যুক্ত খুঁটা নিৰ্মাণ  কৰাৰ ফলত বিপৰীতমূখী সোঁত সৃষ্টত হোৱা গৰাখনীয়া প্ৰতিৰোধ কৰাৰ দাবীত আৰু যুগ-যুগ ধৰি বৰভীল অঞ্চলত স্থায়ীভাৱে বসবাস কৰি অহা লোক সকলক ম্যাদি পট্টা প্ৰদান কৰাৰ দাবী। উল্লেখযোগ্য যে,বিগত বছৰসমূহত ধাৰাবাহিকভাৱে বিহালীৰ বৰগাং নদীয়ে ভয়ংকৰভাৱে কাষৰীয়া অঞ্চল সমুহত তীব্ৰ গৰাখহনীয়া অব্যাহত ৰাখি আহিছে৷ যাৰ ফলত ইতিমধ্যে অঞ্চলটোৰ বৰভীল, নীলবাৰী আৰু শান্তিপুৰ গাঁৱৰ বহু দুখীয়া দৰিদ্ৰ পৰিয়াল গৃহহাৰা হৈ অঞ্চলটো বিভিন্ন লোকৰ আশ্ৰয়ত আশ্ৰয় গ্ৰহণ কৰি আহিছে৷ আনহাতে আজি ক্ষতিগ্ৰস্ত লোকসকলে প্ৰশাসন যন্ত্ৰক স্মাৰক পত্ৰ প্ৰদান কৰি লিখিতভাৱে স্পষ্ট কৰি দিয়ে যে, আগুন্তুক বাৰিষাৰ পূৰ্বে বৰগাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ স্থায়ীভাৱে সমাধান নকৰিলে স্থানীয় ৰাইজৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলে ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব ৷ সিফালে বৰভীলৰ ঐতিহ্যমণ্ডিত গাংমৌ থানলৈ অহা যোৱা কৰা একমাত্ৰ গড়কাপ্তানী পথছোৱা অতিশীঘ্ৰে যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী উত্থাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*