অসমশীৰ্ষ

বিহালীৰ লাউদলনিত চাঞ্চল্যকৰ হত্যাকাণ্ড,বলৎকাৰ সংঘটিত কৰি হত্যা কৰাৰ সন্দেহ

প্ৰথম খবৰ,বৰগাং:যোৱা নিশা বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাউদলনিৰ ১ নং ফুলচনি গাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় ৷

প্ৰাপ্ত খবৰ মতে যোৱা নিশা প্ৰায় ৭ মান বজাত চম্বাৰী মূণ্ডা (আনুমানিক ৪০) নামৰ পাঁচ সন্তানৰ এগৰাকী মাতৃয়ে নিজ জেঠালেকৰ ঘৰত ভোজভাত খাই সন্তানসহ বিচনা পাটি গ্ৰহন কৰিছিল ৷ তাৰপিছত পুৱা প্ৰায় মহিলা গৰাকীৰ বাসগৃহৰ নাতি দূৰৈৰ এক কালভাৰ্টৰ তলত স্থানীয় লোকে প্ৰতক্ষ্য কৰে মহিলা গৰাকীৰ মৃতদেহ ৷ নিশা পৰিয়ালৰ সতে শান্তিপূৰ্ণভাৱে ভোজ ভাত খাই নিজা বাসগৃহলৈ আহি বিচনা পাটি গ্ৰহন কৰা মহিলা গৰাকী মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ লগে-লগে তীব্ৰ চাঞ্চল্য সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ ক্ৰমাৎ ঘটনাটো ৰাষ্ট্ৰ হোৱাৰ পিছত স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো বিহালী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি মৰোনত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক অৰ্পণ কৰে ৷ ইফালে, অমায়িক স্বভাৱৰ মহিলা গৰাকীৰ মৃত্যু হোৱাৰ সন্দৰ্ভত স্থানীয় সচেতন যুৱ সমাজে নান প্ৰশ্ন অৱতাৰণা কৰাৰ লগতে উত্থাপন কৰি চাঞ্চল্যকৰ অভিযোগ ৷ অভিযোগকাৰীৰ মতে এই ঘটনা স্বাভাৱিক ঘটনা নহয় ৷ মহিলা গৰাকীক কোনো দূৰ্বৃত্তই বলপূৰ্বক বলৎকাৰ কৰি হত্যা কৰি কালভাৰ্টৰ তলত থৈ গৈছে ৷ আনহাতে, আদিবাসী ছাত্ৰ সন্থা বিহালী সমিতিয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাটোৰ প্ৰকৃত তদন্তৰ দাবী জনাইছে ৷

Related Articles

Leave a Reply

Close