অসমশীৰ্ষসাহিত্য

বুধবাৰৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন

বদৌচা সমন্বয় ক্ষেত্রৰপৰা ৰাণাজ্যোতি নেওগ;প্ৰথম খবৰ:উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ চতুঃসপ্ততিতম বুঢ়ীদিহিং-বৰডুমচা অধিৱেশন ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বুঢ়ীদিহিং মৌজাৰ ৰিতুপথাৰ আৰু ইয়াৰ গাতে লাগি থকা অৰুণাচলৰ বৰডুমচাত আয়োজন কৰা এই অধিবেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ বাবে আজিৰ অন্তিম দিনটোত আদৰণি সমিতিৰ কৰ্মকৰ্তা সকলে যুদ্ধ কালীন তৎপৰতা অব্যাহত ৰাখিছে । বিভিন্ন জাতি – জনগোষ্ঠীৰ বসতি স্থল হিচাপে তোৰণ মূল মন্ঞ্চ আৰু মণ্ডপ জনগোষ্ঠীয় আৰ্হিৰে আদৰণি সমিতিয়ে নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি বিভিন্ন জনে আশা কৰিছিল । কিন্তু তেনে কোনো প্ৰচেষ্টাই পৰিলক্ষিত নহল । অধিবেশনলৈ মাত্ৰ কেইটা মান দিন থকা অৱস্থাত নিৰ্মাণ কৰিবলৈ লোৱা মূল আদৰণি তোৰণে আজিৰ দিনটো বাতৰি যুগুটোৱা লৈকে চূড়ান্ত ৰূপ লোৱা নাই । তেনেই পাল মৰা কাম হল মূল তোৰণৰ বুলি কব খোজে বিভিন্ন জনে। স্বাভাৱিক ভাৱেই হতাশ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য প্ৰেমীক ।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সমষ্টিৰে কয়লা নগৰী লিডুত ২০১২ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিবেশনৰ মন্ঞ্চ মণ্ডপ আৰু তোৰণ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে সমাদৰিত হৈছিল । প্ৰায় দু মাহৰ পূৰ্বৰ পৰা নিৰ্মিত হৈছিল জনগোষ্ঠীয় আৰ্হিৰ সুবৃহৎ তোৰণ । অধিবেশনৰ কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰী দিনা কৈলাসপুৰ তাই আহােম ছাত্র সস্থাৰ উদ্যোগত আয়োজিত নামহােলোং গাঁৱৰ মে-ডাম-মে-ফিৰ তৰ্পণ কার্যসূচীৰে আৰম্ভ হব অধিবেশন । শুভাৰম্ভ কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে।
ৰিতুপথাৰ চাওলুং চুকাফা সমন্বয় তােৰণ উদঘাটন কৰিব তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ নাথ বৰঠাকুৰে।
অসম সাহিত্য সভা আৰু আদৰণী সমিতিৰ ক্ষেত্রীয় কার্যালয় উদ্বোধন কৰিব বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ কর্ণধাৰ সমিতিৰ সভাপতি প্রবীণ বৰাই। গগন সোণোৱাল সোঁৱৰণী গ্রন্থ উৎসৱ উদ্বোধন কৰিব জিলাৰ প্রাক্তন সভাপতি সুশীল কুমাৰ গগৈয়ে।
বাণিজ্য মেলাৰ দ্বাৰ উদঘাটন কৰিব তিনিচুকীয়া জিলাৰ উপায়ুক্ত আইনাম চৰণ কুমাৰ সিঙে।প্রদর্শনী দ্বাৰ উদঘাটন প্রাক্তন জিলা সভাপতি বদন শৰ্মাই।বিজ্ঞান মেলাৰ দ্বাৰ উদঘাটন কৰিব উত্তৰ-পূব কয়লা ক্ষেত্র, মাৰ্ঘেৰিটাৰ মহাপ্রবন্ধক যুগল বৰাই।
বেণুধৰ নেওগ আৰু ললিত ৰাজখোৱা সোঁৱৰণী প্রতিনিধি শিবিৰ উদ্বোধন কৰিব আদৰণী সমিতিৰ সভাপতি তথা সাংসদ ৰামেশ্বৰ তেলীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close