অসমমহিলাযুৱশীৰ্ষ

ব্ৰেইন কেঞ্চাৰত মৃত্যু সৰবৰহী মহিলাৰ,শোকস্তব্ধ জয়পুৰ

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:ব্ৰেইন কেঞ্চাৰত আক্ৰান্ত হৈ এগৰাকী সৰবৰহী মহিলাৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে  ডিব্ৰুগড়ৰ জয়পুৰ অঞ্চল । জয়পুৰৰ নিবাসী বৰহানউদ্দিন কাদিৰৰ পত্নী তথা আছু জয়পুৰ শাখাৰ প্ৰাক্তন সম্পাদক জাহাংগীৰ কাদিৰৰ মাতৃ ৰঞ্জনা বেগমে (৫২) ২৩ জানুৱাৰীৰ সন্ধিয়া ডিব্ৰুগড়স্থিত সঞ্জীৱনী নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে । জেষ্ঠ পুত্ৰ ইমৰান কাদিৰে জানোৱা মতে ষঠ পুজাৰ দিনা মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাৎক্ষণিকভাৱে ডিব্ৰুগড়ৰ ব্যক্তিগত ব্ৰক্ষ্মপুত্ৰ নাৰ্ছংহোমত নিয়ে । পাছত   মহিলাগৰাকীৰ প্ৰাথমিক চিকিৎসা অৰম্ভ কৰি চিকিৎসকে ষ্ট্ৰক হোৱা বুলি কৈ এমাহৰ ঔষধ দি উভতাই পঠায়। উক্ত ঔষধ নিয়মিত গ্ৰহণ কৰি থকাৰ ১৫ দিনৰ পাছতে হঠাত পেৰালাইচিছত অক্ৰান্ত হোৱাত পলম নকৰি পৰিয়ালে চেন্নাইৰ এপ’ল চিকিৎসালয়ত নিয়াত চিকিৎসকে মস্তিষ্কৰ জটিল কৰ্কট অক্ৰান্ত বুলি নিশ্চিত কৰে। ইয়াৰ পাছতে কেম থেৰাপি লবলৈ যোৱা ৰাঞ্জনাই কালি সঞ্জীৱনী নাৰ্ছিংহোমত মৃত্যুক আকোঁৱালি লয়। কালি আবেলি স্থানীয় কবৰস্থানত কেইবাশতাধিক লোকৰ উপস্থিত জানাজা সম্পন্ন হৈ যায় ।ধৰ্মীয় বিভিন্ন সামাজিক কামত জড়িত মহিলাগৰাকীৰ মৃত্যুত স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ স্বামী পুত্ৰ বোৱাৰী সহ বহু আত্মীয়ক এৰি যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close