Home / Uncategorized / বৰপেটাৰোডৰ অল আমিন নগৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত,৫ জনক আটক

বৰপেটাৰোডৰ অল আমিন নগৰত দেহ ব্যৱসায়ী চক্ৰ উৎখাত,৫ জনক আটক

প্ৰথম খবৰ;বৰপেটাৰোড:বৰপেটাৰোডৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰেল গেটৰ কাষৰ অল আমিন নগৰত আজি সন্ধিয়া অঞ্জলটোৰ ৰাইজে এটি দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নগৰখনৰ বাসিন্দা মুক্তাৰ আলি দেৱানে চকুৰে নেদেখাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ ভাৰাতীয়া সকলে দেহ ব্যৱসায় চলাই আহিছিল । আজি অঞ্চলটোৰ ৰাইজে মুক্তাৰ আলি দেৱানৰ ভাড়া ঘৰত অতৰ্কিতে অভিযান চলাই ভাৰাতীয়া গৰৈমাৰীৰ মমৰেশ আলি, কহিনুৰ খাটুন আৰু আনোৱাৰা খাটুনক আটক কৰে । এইলৈ মুক্তাৰ আলিৰ পৰিয়ালটোৰ বিৰুদ্ধে ৰাইজে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰাৰ লগতে এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। যাৰবাবে পিছত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মমৰেশ আলি, কহিনুৰ খাটুন আৰু আনোৱাৰা খাটুনৰ লগতে ভাৰাঘৰৰ মালিক মুক্তাৰ আলি দেৱান আৰু তেওঁৰ পত্নী ৰেজিয়া খাটুনক আটক কৰি থানা লৈ আনে । আনহাতে , স্থানীয় ৰাইজে থানাত উপস্থিত হৈ এই কাৰ্য্য অতি সোনকালে বন্ধ কৰাৰ লগতে আটক কৰা কেইজনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে উক্ত অল আমিন নগৰত বহুতো অসামাজিক কাৰ্যই গা-কৰি উঠা বুলি অভিযোগ কৰাত আৰক্ষীয়ে এখনি সমিতি গঠন কৰি দিছিল । আনহাতে, মুক্তাৰ আলি দেৱানে বাস কৰি থকা মাটি ডোখৰ জনৈক এম গফুৰ ভূঞাৰ আৰু এইলৈ তেওঁ ন্যায়ালয়ত গোচৰ তৰাত তেওঁৰ সপক্ষে ৰায় দান কৰিছে যদিও দখল এৰি দিয়া নাই বুলি অভিযোগ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*