অসমউত্তৰ পূবসাহিত্য

বৰপেটাৰোড সাহিত্য সভালৈ “শতবৰ্ষীয় শ্ৰেষ্ঠ শাখা সাহিত্য সভাৰ বঁটা”,অসম সাহিত্য সভাক ধন্যবাদ

প্ৰথম খবৰ,বৰপেটাৰোড:অসম সাহিত্য সভাই বৰপেটাৰোড সাহিত্য সভাক শ্ৰেষ্ঠ শাখা সাহিত্য সভাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।অসম সাহিত্য সভাৰ সাংগঠনিক কাম কাজ ,আজীৱন সদস্য ভৰ্ত্তি ,সভাৰ কাৰ্যসূচীৰ সফল ৰূপায়ন,সাহিত্য সংস্কৃতিৰ বিকাশ ,গ্ৰন্থ প্ৰকাশ ,সমাজ কল্যাণ মূলক আঁচনি ৰূপায়ন,অসমীয়া ভাষা প্ৰয়োগৰ সফলতা ,সামাজিক সংহতি আদি দিশত দেখুওৱা পাৰদৰ্শিতা বাবে বৰপেটাৰোড সাহিত্য সভাক শ্ৰেষ্ঠ শাখা হিচাবে অসম সাহিত্য সভাৰ শতবৰ্ষীয় শ্ৰেষ্ঠ শাখাৰ চন্দ্ৰ নাথ শৰ্মা বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।এইকথা এক অভিনন্দন পত্ৰ যোগে জনাইছে অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈয়ে।

অসম সাহিত্য সভাৰ বুঢ়ীদিহিং বৰডুমছা অধিবেশনৰ অহা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত এই বঁটা প্ৰদান কৰা হ’ব।বৰপেটাৰোড সাহিত্য সভাক শ্ৰেষ্ঠ শাখা সাহিত্য সভাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰাত বৰপেটা জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি জি এল আগৰৱালা ,উপ সভাপতি লাচিত কলিতা ,সম্পাদক কিশোৰ কুমাৰ দাস,অসম সাহিত্য সভাৰ সংগঠক গোবিন্দ তালুকদাৰ প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি আৰু সংগঠনে অভিনন্দন জনাইছে।আনহাতে,বৰপেটাৰোড সাহিত্য সভাৰ কালি অনুষ্ঠিত কাৰ্য্যকৰী সমিতিৰ সভাত বৰপেটাৰোড সাহিত্য সভাক শ্ৰেষ্ঠ শাখা হিচাবে অসম সাহিত্য সভাৰ শতবৰ্ষীয় শ্ৰেষ্ঠ শাখাৰ চন্দ্ৰ নাথ শৰ্মা বঁটাৰ বাবে নিৰ্বাচন কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close