কবিতা

ভালপোৱা মিছা নাছিল চয়নিকা

ভালপোৱা মিছা নাছিল চয়নিকা ৷
সেইযে ডায়েৰীত লিখি থাকোঁতে
অচিনাকী তুমি কাষতে আহি বহিছিলা
হৃদয়ৰ উৎতাপ বাঢ়ি আহিছিল ঠিক তেতিয়াই৷
ঠিকনা হেৰাইছিল তোমাৰ কুমলীয়া শৰীৰৰ ঘোন্ধত ৷
আৰু ঠিক তেতিয়াই মই প্ৰেমত পৰিছিলো
তোমাৰ মাথো তোমাৰ ৷

আগবঢ়াই থব গৈছিলো তোমাক
মাজতে তোমাৰ বান্ধৱীৰ ঘৰত এটি ক্ষণ ৷
আৰু আমাৰ প্ৰেমৰ এটি ডাঙৰ সাক্ষী ৷
ক্ৰুইজাৰত বহাই দিওঁতে
মোৰ চকু সেতা হোৱা
আজিও মনত পৰে ও ডিয়েৰ ৷
ফোন নং দিছিলো তোমাক
যেনিওবা নাছিল তোমাৰ ফোন ৷
ক্লাছ এইটত আছিলা তুমি ৷

তুমি যোৱালৈ জুমি জুমি চাইছিলো ৷
মনত পৰিছিল ৰাস্তাত কোৱা এষাৰ কথা
বাইক থাকিলে থৈ আহিব পাৰিলাহেতেন ৷
চাইকেল এ চোন নাছিল ৷
ভঙা পজা
সমস্যা বহুত ৷
তথাপি আমাৰ মৰমৰ পাতনিটো তাতেই আছিল ৷

এদিন ফোন কৰিছিলা
কোনোবা আনৰ মোৱাইলেৰে
মনত পৰে ৷
সেইয়াই শেষ ৷

মোৱাইল নাছিল বাবেই
দূৰত্ব বাঢ়ি গৈছিল ৷
সাগৰ সদৃশ ৷

তোমাৰ চেহেলী মোৰ ভনীৰো এটাই কথা
পাহৰি যোৱা ৷
মোৰ বিফল প্ৰশ্ন কেনেকৈ?

বিফল এইবাবেইটো
আজি তুমি অতীত ৷
যদিও তোমাৰ চেহেলীৰ ঘৰটো
আৰু তোমাৰ মোৰ সেই
কিছু সময়
আহ্ আজিও কষ্ট পাওঁ চয়নিকা ৷

কিয়নো
মোৰ তোমালৈ বুলি
ভালপোৱা

মিছা নাছিল চয়নিকা ৷

কবি: কৃষ্ণাংগ সাউদ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close