শেহতীয়া
Home / অসম / ভোগালীক লৈ ব্যস্ত তেজপুৰৰ মাধৱ মন্দিৰ চৌহদ

ভোগালীক লৈ ব্যস্ত তেজপুৰৰ মাধৱ মন্দিৰ চৌহদ

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ:অসমীয়া কৃষ্টি সংস্কৃতিৰ পৰম্পৰা বহন কৰি আহিছে ম’হ  যুঁজে। বৰ্তমান সময়ত বিভিন্ন পক্ষৰ হেচাৰ বাবে ম’হ যুঁজ বন্ধ হোৱাৰ উপসম হৈছে। তেজপুৰৰ দ- পৰ্বতীয়াৰ লেঙেৰাচুবুৰীৰ যুৱক সকলে মাধৱমন্দিৰৰ চৌহদত বৃহৎ আকাৰৰ ম’হ সাজি উলিয়াইছে। ভোগালী বিহুক লৈ উল্লাস আনন্দ ভৰি পৰিছে। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটা মান দিন বাকী। সাংস্কৃতিক নগৰী তেজপুৰৰ গাঁৱে গাঁৱে যুৱকৰ পৰা সকলো শ্ৰেণীৰ ৰাইজ ব্যস্ত ভেলাঘৰ তথা মেজিঘৰ সজাত। বিহুগীতৰ মাজে মাজে ভেলাঘৰ আৰু মেজিঘৰ সজাত ব্যস্ত। কৃষক সকলে পথাৰৰ পৰা সোণগুটি চপাই মৰণা মাৰি সোণগুটি বছৰৰ বাবে সযতনৰে ৰখাত ব্যস্ত থকাৰ বিপৰীতে আন কোনোৱাই আকৌ ভোগালীৰ মেজীঘৰ সজাত অধিক গুৰুত্ব দিছে। ইয়াৰ ব্যতিক্ৰম নহয় তেজপুৰ। ইতিমধ্যে তেজপুৰৰ বিভিন্ন গাঁৱৰ আই মাতৃ সকলে বিহুৰ কাৰণে ঢেকীত পিঠাগুৰি খুন্দি পিঠাপনা বনোৱা লগতে মাছ ধৰি বিহুৰ কাৰণে সংৰক্ষণ কৰিবলৈ আৰাম্ভ কৰিছে।ভোগালী বিহুৰ নিশা একুৰা জুই পুৱোৱাৰ বাবে সকলো সাজু হোৱা দেখা গৈছে। তেজপুৰৰ দ-পৰ্বতীয়া,মিলনপুৰ,বেজৰ চুবুৰী,তিনিআলি, ডেকাৰগাঁৱত মেজিঘৰ আৰু ভেলাঘৰ সজা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*