শেহতীয়া
Home / অসম / ভোগালীৰ প্ৰাকক্ষণত চ’ৰগুৱাত প্ৰস্তুত শ শ ম’হ গৰুৰ আঠা দৈৰ টেকেলী কলহ

ভোগালীৰ প্ৰাকক্ষণত চ’ৰগুৱাত প্ৰস্তুত শ শ ম’হ গৰুৰ আঠা দৈৰ টেকেলী কলহ

ডিমৌৰপৰা গৌতম হীৰা,প্ৰথম খবৰ:ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাঁথো এটা দিন। তাৰ প্ৰাকক্ষণত প্ৰস্তুত হৈ উঠিছে ঐতিহাসিক চ’ৰগুৱাৰ আঠাদৈ। শিৱসাগৰ জিলাৰ ডিমৌৰ চ’ৰগুৱা আদৰ্শ কলিতা গাঁৱৰ গো-পালসকলে পূৰ্বপুৰুষৰপৰা দুগ্ধ ব্যৱসায়ৰ যোগেদি জীৱিকা নিৰ্বাহ কৰি আহিছে। উজনি অসমৰ বিভিন্ন ঠাইলৈ অসমীয়াৰ বাপতিসাহোন প্ৰতিটো বিহুতে চ’ৰগুৱাৰ পৰা গ্ৰাহকে লৈ যায় কলহে কলহে আঠা দৈ। তাৰ যেন ব্যতিক্ৰম নহয় এইবছৰো। এইবাৰ ভোগালীত শ শ গ্ৰাহকৰ চাহিদা পূৰাবলৈ যুদ্ধকালীন ব্যস্ততা বাঢ়িছে থলুৱা ব্যৱসায়ীৰ মাজত। ইতিমধ্যে চ’ৰগুৱাৰ দুগ্ধ ব্যৱসায়ীসকলে সাজু কৰি তুলিছে হাজাৰ হাজাৰ আঠা দৈৰ কলহ আৰু টেকেলী;য’ত প্ৰয়োজন হৈছে কুইণ্টল কুইণ্টল গাখীৰ। নিজৰেই গৰু-ম’হৰ গাখীৰ আৰু নিজে তৈয়াৰ কৰা টেকেলি-কলহত ভৰাই বিহুৰ বাবে দৈ প্ৰস্তুত কৰি তুলিছে চ’ৰগুৱাৰ ৰুবুল কলিতা,সুশীল কলিতা আদি থলুৱা দুগ্ধ পালকসকলে। তদুপৰি ব্যৱসায়ীসকলে জনোৱা অনুসৰি বিহুৰ ১ মাহৰ পূৰ্বৰে পৰা গ্ৰাহকৰ অভাৱনীয় অৰ্ডাৰেৰে ভৰিছে তেওঁলোকৰ ম’বাইল ফোন । আচৰ্যজনক ভাৱে সকলোকে গাখীৰ যোগান ধৰিব নোৱাৰি দুগ্ধ পালসকলে বন্ধ কৰি দিবলগীয়া হৈছে নিজৰ ম’বাইল ফোন। আনহাতে তাৰ কাৰণ হিচাপে ব্যৱসায়ীসকলে জনায় যে,বতৰ যথেষ্ট খৰাং হোৱাৰ বাবে পথাৰত ঘাঁহ-বনৰ পৰিমাণ হ্ৰাস পোৱাত গাখীৰৰ উৎপাদন আগতকৈ কমি গৈছে বুলি জানিবলৈ দিয়ে। তথাপিও চ’ৰগুৱা আদৰ্শ কলিতা গাঁৱৰ অধিকাংশ দুগ্ধ পালকেই গ্ৰাহকৰ সম্পূৰ্ণ চাহিদা পূৰণ কৰিব নোৱাৰিলেও এতিয়া বিহুৰ বাবে শ শ দৈ টেকেলী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। যাৰবাবে,এতিয়া সীমাহীন ব্যস্ততা বাঢ়িছে সকলোৰে মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*