অসম

ভোগালী বিহুয়ো অন্তৰ জয় কৰিব নোৱাৰা বৰক্ষেত্ৰীৰ এটা অঞ্চল

প্ৰথম খবৰ,মুকালমুৱা:ভোগালী বিহুলৈ মাজত মাথো দুটা দিন৷ বৰক্ষেত্ৰীৰ এটা অঞ্চলত নাই কোনো বিহুৰ মাদকতা৷ অসমীয়া জাতিৰ বাপোতি সাহোন ভোগালী বিহুতো নাই,উচাহ নাই উন্মাদনা৷ চুবুৰীটোত নাই ঢেকীৰ শব্দ,নাই লাৰু-পিঠাৰ গোন্ধ৷ চুবুৰীটোত এতিয়া নিমাও-মাও পৰিবেশ৷ শুনিবলৈ পোৱা যায় কান্দোনৰ ৰোল৷

বিগত চাৰি জানুৱাৰীত গাওঁখনলৈ নামি আহিছিল কালী অমানিশা। নিমিষতে চিন্ন-বিচিন্ন হৈ গৈছিল পাঁচটা পৰিয়ালৰ সপোন৷ পৰিয়াল কেইটাইলৈ নামি আহিছিল ঘোৰ অমানিশা। কিয়নো গাওঁখনৰ কৈৱৰ্ত চুপাৰ পাঁচটা পৰিয়ালৰ এটি শিশুকে ধৰি পাঁচজন যুৱকে অতি ৰহস্যজনকভাৱে শুই পৰিছিল নিয়তিৰ নিষ্ঠুৰ কোলাত। এই পাঁচজন যুৱকৰ মৃত্যুৰ বাতৰি এতিয়াও কোনেও সহজভাবে লব পৰা নাই যাৰ ফলত গাওঁখনত এতিয়া নিমাও-মাও পৰিবেশ৷ ভুটানৰ পৰা বনভোজ খাই আহি একেখন গাড়ীৰ ভিতৰতে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল আটাইকেইজনৰ মৃতদেহ। হেঁপাহৰ ভোগলী বিহুটিতো এতিয়া গাওঁখনৰ কৈৱৰ্ত চুবুৰীটোত নাই উৎসা নাই উদ্দীপনা। কৈৱৰ্ত চুপাৰ শতাধিকৰ পৰিয়ালত এতিয়া নাই কোনো বিহুৰ মাদকতা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close