Home / অসম / ভোগৰ সম্ভাৰৰ উৰুকাৰ নিশা আখলত জুই নজ্বলা গাওঁ

ভোগৰ সম্ভাৰৰ উৰুকাৰ নিশা আখলত জুই নজ্বলা গাওঁ

ধেমাজিৰপৰা বিজন শৰ্মা,প্ৰথম খবৰ:এসময়ত শইচে মত্স্যই নদন বদন ধেমাজিৰ গোৱেখনা, মিঠাৰাম চাপৰি,পৃথু চাপৰি,ন পাম আদৰ্শ গাঁৱত এতিয়া ভোকাতুৰৰ কৰুণ কিৰিলি৷ যোৱা বছৰৰ ৬ জুনত জীয়াধল কুমতীয়াই মথাউৰি চিঙি নিয়াৰ পিছৰে পৰা বালিৰ ওপৰতে টিৰপালৰ তম্বু তৰি ছাগলীৰ গড়াল সদৃশ ঘৰত যন্ত্ৰনাকাতৰ দিন অতিবাহিত কৰিছে এই সকল বনাৰ্ত্যই।

আজি ভোগালীৰ উৰুকা৷ বাপোতিসাহোন বিহুৰ উৰুকাৰ নিশা ৰং ৰহইছৰে হাঁহে-মাহে-মাছে ভাতে লগে ভাগে এসাঁজ খাব অসমবাসীয়ে৷ আকৰ্ষনীয় ভেলা ঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা চলিছে চৌপাশে৷ ভোগৰ বিহুটো হেপাঁহেৰে উদযাপনৰ বাবে সকলো ব্যস্ত থকাৰ সময়তে ধেমাজিৰ বানে সৰ্বস্বান্ত কৰা এইসকল বনাৰ্ত্যই পাৰ কৰিব কঙাল নিশা। উৰুকাৰ নিশা জীয়াধল কুমতীয়াৰ বানে সকলো কাঢ়ি নিয়া এই সকল লোকে উৰুকাৰ নিশা তম্বুৰ তলত জাৰত কঁপি কঁপি পাৰ কৰিব ভোক আৰু ক্ষোভৰ কৰুন নিশা৷ হা হুমুনিয়াহ কাঢ়ি মনত পেলাব তেওঁলোকৰ নদন বদন অতীতক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*