শেহতীয়া
Home / অসম / মংগলদৈ চিকিৎসালয়ৰ ঘটনাত মংগলদৈ আছুৰ বিক্ষোভ কাৰ্য্যসূচী

মংগলদৈ চিকিৎসালয়ৰ ঘটনাত মংগলদৈ আছুৰ বিক্ষোভ কাৰ্য্যসূচী

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: দৰঙৰ মঙ্গলদৈ অসামৰিক চিকিৎসাালয়ৰ চিকিৎসকৰ ভুলৰ কাৰণে দুটি দেৱ শিশু প্ৰকৃত  মাতৃ স্নেহৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ। দৰং জিলাৰ শ্যামপুৰ বদলিচৰৰ চাহাবুদ্দিন আহমেদ মঙ্গলদৈ থানাত এজাহাৰৰ ভিত্তিত পোহৰলৈ আহে এই তথ্য 90/2015 গোচৰ ৰুজু, ধাৰা  120(B), 420 IPC। বৰ্তমান আদালতৰ বিচাৰাধীন সমগ্র ঘটনা।

মঙ্গলদৈ জন্ম লাভ কৰিয়েই নিজৰ মাতৃৰ দুগ্ধ পান কৰাৰ পৰিৱর্তে অন্য মাতৃৰ দুগ্ধ পান কৰিব লগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১৫ চনৰ ১১ মাৰ্চত একে সময়তেই জন্ম পোৱা মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত মেনাপাৰা বেজপাৰাৰ গাৱঁৰ অনিল বড়ো আৰু শেৱালি বড়োৰ গৰ্ভত জন্ম পোৱা শিশু আৰু দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত বদলিচৰৰ চাহাবুদ্দিন আহমেদ ৰ পত্নী চালেমা পাৰবিন গৰ্ভত জন্ম পোৱা সন্তান টিৰ চিকিৎসালয় কতৃপক্ষৰ ভুলৰ বাবে সাল সলনি হয় ।সুদীৰ্ঘ ২ বছৰ ৭ মাহ এনেকে থকাৰ পিছত DNA পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহে। এতিয়া দুয়োটা পৰিয়াললৈ নামি আহিছে মানবীয় সংকট।
অৱশ্যে মঙ্গলদৈ থানাত 990/2015 গোচৰ ৰুজু কৰি ঘটনাতোৰ ন্যায় বিচাৰিছে পৰিয়ালটিয়ে। আজি ৰাতিপুৱা ৮ বজাত মংগলদৈ চিকিৎসালয় ৰ সন্মুখত সদৌ দৰং জিলা ছাত্র সন্থাৰ মংগলদৈ আছু গোটে এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি মংগলদৈ চিকিৎসালয়ৰ গাফিলতি ৰ এক উচিত তদন্ত কৰা,চিকিৎসালয় খনত খালি হৈ থকা চিকিৎসক,নাৰ্চ পদ পুৰন কৰা আৰু চিকিৎসালয় খনৰ প্ৰশাসনিক দিশটো কঠোৰ হবলৈ দাবী জনাই লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে এই ঘটনাৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*