শীৰ্ষৰাষ্ট্ৰীয়

‘মন কী বাত’ নাৰীশক্তিৰ সপক্ষে মোদী

নিউজ ডেস্ক, প্ৰথম খবৰ: আকাশবাণীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি সম্বোধন কৰে দেশবাসীক। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানতঃ নাৰীশক্তিৰ সপক্ষে মন্তব্য কৰে এই অনুষ্ঠানত।

‘মন কী বাত’ত কল্পনা চাওলাক স্মৰণ মোদীৰ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, কল্পনা চাওলা আজি আমাৰ মাজত নাই, কিন্তু তেওঁ সমগ্ৰ দেশৰ যুৱতীসকলক দি গৈছে বিশেষ বাৰ্তা। নাৰী শক্তিৰ যে কোনো সীমাৰ দ্বাৰা আৱদ্ধ নহয়, সেই কথাই বুজাই গ’ল কল্পনাই।

ইফালে, মন কী বাতত দেশজুৰি ৩ হাজাৰৰো অধিক ঔষধী কেন্দ্ৰ স্থাপনৰো ঘোষণা কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, এই কেন্দ্ৰসমূহত কম দামত ঔষধ পোৱাই নহয়, ই নিয়োগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

৩০ জানুৱাৰীত বাপুজীৰ পূণ্যতিথিৰ পূৰ্বে ‘মন কী বাত’ত গান্ধীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বাপুজীয়ে আমাক নতুন পথ দেখুৱাই থৈ গ’ল। যদি আমি সকলোৱে বাপুজীৰ পথ গ্ৰহণ কৰোঁ, তাতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি কি হ’ব পাৰে।

Related Articles

Leave a Reply

Close