অসমশীৰ্ষ

মহাবাহুৰ বুকুত যাত্ৰীবাহী ফেৰী আবদ্ধ

নিউজ ডেস্ক, প্ৰথম খবৰ: ১৫০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন ফেৰী আৱদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত। মাজুলীত কমলাবাৰীৰপৰা নিমাতীঘাটলৈ গৈ থকা ফেৰীখন দীৰ্ঘসময় ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখ্য যে, ফেৰীখনে এখন ইন’ভা গাড়ীৰ সৈতে কেইবাখনো দুচকীয়া বাহনো কঢ়িয়াই নিছিল। ইফালে, ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰা ফেৰীখন উদ্ধাৰৰ বাবে এই পৰ্যন্ত প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগত ক্ষুণ্ণ হৈ পৰিছে যাত্ৰীসকলৰ লগতে অঞ্চলবাসী।

Related Articles

Leave a Reply

Close