শেহতীয়া
Home / বিনোদন / মহা নায়িকাৰ মহা প্ৰস্থান

মহা নায়িকাৰ মহা প্ৰস্থান

কিশোৰ বৰুৱাৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ:সমগ্ৰ ভাৰতবৰ্ষই গণৰাজ্য দিৱসৰ উদযাপন কৰাৰ সময়তে সাংস্কৃতিক জগতৰ এটা বেয়া খবৰে  শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ দেশতে৷ বাংলা চলচ্ছিত্ৰ জগতৰ মহা নায়িকা সুপ্ৰিয়া দেৱীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ হৃদৰোগত আক্ৰান্ত হৈ ৮৩ বছৰ বয়সত মৃত্যুক সাবতি লয় শিল্পীগৰাকীয়ে৷

ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান “পদ্মশ্ৰী” সন্মানেৰে সন্মানিত নায়িকা গৰাকীৰ জন্ম হৈছিল ১৯৩৫ চনৰ ৮ জানুৱাৰী তাৰিখে বৰ্তমানৰ ম্যানমাৰৰ “মাইটিকিয়ানা” নামৰ ঠাইত৷ জীৱনৰ ৮৩টা বসন্ত গৰকা সুপ্ৰিয়া দেৱীয়ে বৰ্তমানলৈ প্ৰায় ৪০খন চলচ্ছিত্ৰত অভিনয় কৰিছে৷ তেওঁৰ জীৱনযোৰা অভিনয়ৰ জলন্ত সাক্ষী হিচাপে কেইবাটাও উচ্চ পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷ পদ্মশ্ৰী সন্মান লাভ কৰাৰ লগতে বংগ দেশৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান বংগ-বিভূষন লাভ কৰিছে৷ ইয়াৰ উপৰিও “ফিল্ম ফেয়াৰ এৱাৰ্ড” আৰু “বিএফজেএ এৱাৰ্ড” লাভ কৰি এইগৰাকী শিল্পীয়ে নিজ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল৷ এই মহা নায়িকাৰ বিয়োগে বাংলা কথাছবি জগতত এটা সোণালী যুগৰ অৱসান ঘটালে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*