অসমউত্তৰ পূবযুৱশীৰ্ষ

মাইবং কাণ্ডৰ ভয়ানক পৰিণতি

খেৰণিৰ পৰা কনক দেউৰী,প্ৰথম খবৰ:মাইবং কাণ্ডৰ এক ভয়ানক পৰিণতি।মাইবং কাণ্ডৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ পাৰ্বত্য জিলাখনতে ইটোৰ পিছত সিটোকৈ অবিচ্ছিন্নভাৱে সাব্যস্ত হৈছে প্ৰতিবাদ,বাহিৰ হৈছে মৌন সমদল,দাহ হৈছে পুত্তলিকা আৰু কব লাগিব ক্ৰমান্নয়ে ধাৰণ কৰিছে এক জটিল ৰূপ পাহাৰীয়া জিলাখনত।মুঠতে পৰম্পৰাগত উৎসৱ “বিছো ডিমা”,নিজৰ ঘৰ-দুৱাৰ সকলো বাদ দি অহৰ্নিশে ৰাজপথলৈ ওলাই আহিছে ডিমা হাছাওৰ হাজাৰ হাজাৰ জনতা।মাণ্ডাদিছা, উমৰংছ’, হাফলং আদিত প্ৰতিবাদী সমদল-পুত্তলিকা দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে যোৱা শুক্ৰবাৰে লংকাৰ বর্মনপথাৰত বাহিৰ কৰে মৌন সমদল বর্মনপথাৰবাসীয়ে।একেদৰে আজি সন্ধ্যা কাৰ্বি আংলঙৰ হাৱাইপুৰতো বৃহত্তৰ হাৱাইপুৰবাসীয়ে মাইবং কাণ্ড আৰু উক্ত ঘটনাত দুই প্ৰতিবাদী সদস্য মিঠুঞ্জয় দিব্ৰাগেদে আৰু প্ৰৱান্ত হাগমাওছাৰ মৃত্যুক লৈ শোক আৰু দুখ প্ৰকাশ কৰে।লগতে আৰক্ষী-প্ৰশাসনে বৰ্বৰভাৱে সংঘটিত কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে হাৱাইপুৰত অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হাৱাইপুৰবাসীয়ে।সমান্তৰালকৈ হাৱাইপুৰত সমবেত হোৱা পাঁচ শতাধিক ৰাইজে হাতে হাতে বন্তি-জুমুঠি লৈ এক মৌন সমদল বাহিৰ কৰে আৰু ইয়াৰ পাছতেই নিহতদ্বয়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ২ মিনিট সময়ৰ মৌন প্ৰাৰ্থনা কৰে বৃহত্তৰ হাৱাইপুৰবাসীয়ে। আৰু এক কথাত কবলৈ গলে মাইবং কাণ্ডৰ ভয়ানক পৰিণতিয়ে এতিয়া ডিমা হাছাওৰ লগতে সমগ্ৰ ৰাজ্য জোকাৰিবলৈ ধৰিছে। সকলোতে সকলোয়ে কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে চৰকাৰক জিলাখনৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।অশান্ত হৈ পৰিছে সমগ্ৰ জিলাখনেই।

Related Articles

Leave a Reply

Close