অসম

মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰান ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল 

মংগলদৈৰপৰা দুলাল হাজৰিকা,প্ৰথম খবৰ:  চাওতে চাওতে ভোগৰ উৎসৱ ভোগালী বিহু আহি পালেহি অসমীয়া পদুলি মুখত। চৌদিশে এতিয়া কেৱল হেঁপাহৰ ভোগালীক আদৰাৰ ব্যস্ততা। দৰং জিলাৰ বালিপোতা গাওঁতে এতিয়া জীয়ৰী,বোৱাৰী, আইতাই পিঠা লাড়ুকে আদি কৰি নানা ধৰণৰ  সুস্বাদু অসমীয়া পিঠা পনা পোৰাত ব্যস্ত হৈ পৰিছে। বিহুৰ দিনা অতিথিক আদৰাৰ বাবে তেওঁলোকে  সমূহীয়াভাৱে বনাইছে পঠা পনা। নানা ধৰণৰ ৰং ধেমালি বিহু গীতৰ মাজেৰে তেওঁলোকে এই পিঠা পনা সমূহ সাজি উলিয়াইছে। এতিয়া গাওঁৰ জিয়ৰী বোৱাৰী সকলৰ মাজত ভোগালী বিহুৰ কাৰণে  সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ঢেঁকীৰ মাততো এতিয়া ৰজনজনাই আছে চৌদিশ। ঢেঁকীৰ চাপত এপাক ককাল ঘূৰাই নাছিলে গাওৰ জীয়ৰী বোৱাৰীৰ লগতে আইতা জনীয়েও।

Related Articles

Leave a Reply

Close