অসম

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি:দিহিং-টিৰাপ সংগমস্থলীত কবিতাৰ দুপৰীয়া

প্ৰথম খবৰ,মাৰ্ঘেৰিটা:উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশনখন লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত ১৭-১৯ জানুৱাৰীত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। অধিবেশন উপলক্ষে প্ৰথমদিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিচাৰণ শিল্পী দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,জ্যোতি সংগীত আৰু জ্যোতি সংগীতৰ আলমত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া ৫ বজাত লিডু কেন্দ্ৰীয় নামঘৰৰ শিশু শিল্পীসকলৰ দ্বাৰা ভোলা দত্ত আৰু ৰাণাজ্যোতি নেওগৰ পৰিচালনাত মন্ঞ্চস্থ হব হৰিশ্চন্দ্ৰ উপাখ্যান শীৰ্ষক নাট ভাওনা। পাছদিনা পুৱা ৮ বজাৰ পৰা চিত্ৰাংকন,ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দিনৰ ১১ বজাত দিহিং আৰু টিৰাপ নদীৰ সংগমস্থলীত কবিতাৰ দুপৰীয়া শীৰ্ষক এক কাব্যানুষ্ঠান আৰু বিয়লি ২ বজাত বালি চাপৰিত সংস্থাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। সন্ধিয়া পুৰণি সুৰৰ সন্ধানত শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান হ’ব। অন্তিম দিনা পুৱা ১০ বজাত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে সাংবাদিক আৰু ৰাইজৰ এক মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ’ব। দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব এক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। উদ্বোধন কৰিব অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে। দিনৰ ২ বজাত
সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব অসম বাৰ্তাজীৱি সংঘৰ সভাপতি কেশৱ কলিতাই। নিশা জনপ্ৰিয় শিল্পী মেৰীলীন বৰদলৈৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close