অসমউত্তৰ পূবযুৱশীৰ্ষ

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: তিনিদিনীয়া কাৰ্যসূচীৰে  লিডুৰ ঐতিহাসিক মোলাং গাৱঁৰ দিহিং টিৰাপ সমন্বয় ক্ষেত্রত অনুষ্ঠিত  উজনি অসমৰ অন্যতম শক্তিশালী সাংবাদিক অনুষ্ঠান মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিবেশন খনি  কালি  সামৰণি পৰে। প্ৰথম দিনা পুৱা সংস্থাৰ  পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰে। তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী উদ্বোধন কৰে অভৰ্থনা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে কৃষ্ণ প্ৰসাদ শৰ্মাই।তাৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় । এটিকৈ দেবদাৰু গছৰ পুলি ৰোপন কৰি কাৰ্যসূচীৰ উদ্বোধন কৰে সুখদেৱ শৰ্মা দিল বাহাদুৰ ছেত্ৰী আৰু জাওঁ খামলো খামতিয়ে । দিনৰ ১০ বজাত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।বন্তি প্ৰজ্বলন আৰু  ৰূপকোঁৱৰৰ প্ৰতিকৃতিত মাল্য পৰ্ণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতম আৰু অৱসৰ প্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ হালৱাই। তাৰ পাছতে অনুষ্ঠিত সভাত দুয়োগৰাকী অতিথিয়ে জ্যোতি প্ৰসাদৰ গুণানুকীৰ্তনৰে বক্তব্য ডাঙি ধৰে । পাছত জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । নিশা লিডু কেন্দ্ৰীয় নামঘৰৰ শিশু শিল্পী সকলৰ দ্বাৰা ভোলা দত্ত ৰাণাজ্যোতি নেওগৰ পৰিচালনাত হৰিশ্চন্দ্ৰ উপাখ্যান শীৰ্ষক নাট ভাওঁনা খনি মন্ঞ্চস্থ হয় । উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ডম্বৰু ধৰ নেওগে । দ্বিতীয় দিনা  পুৱা ৮ বজাৰ পৰা চিত্ৰাংকন ৰছনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।অন্যহাতে দিনৰ ১১.৩০ বজাত   দিহিং টিৰাপ নদীৰ সংগমস্থলীৰ বালিচাপৰিত কবিতাৰ এটি দুপৰীয়া অনুষ্ঠিত হয়।জনগোষ্ঠীয় আৰ্হিৰ অসংখ্য  ঘৰ নিৰ্মাণৰ জড়িয়তে নদীৰ পাৰত এক সুন্দৰ পৰিবেশ সৃষ্টি কৰি অনুষ্ঠিত কৰা  ব্যক্তিক্ৰমধৰ্মী কাব্যানুষ্ঠানত উজনি অসমৰ আঢ়ৈ  কুৰি জনপ্ৰিয়  কবিয়ে অংশগ্ৰহণ কৰে । দুলিয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ চিত্ৰজিৎ শইকীয়াৰ সন্ঞ্চালনাত অনুষ্ঠিত আৰু সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আতঁ ধৰা আৰু উদ্দেশ্য বাখ্যা কৰা কাব্যানুষ্ঠাটি শুভ উদ্বোধন কৰে কবি মণিকা শেনছোৱাই । এই অনুষ্ঠানতে সংস্থাই প্ৰকাশ কৰা  দেৱজিত বৰা আৰু গীতা দেৱী নেওগৰ দ্বাৰা সম্পাদিত কাব্য সংকলন জোনাকৰ ফুল আনুষ্ঠানিক ভাৱে উন্মোচন কৰে লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ বাইলুঙে আৰু ডঃ কৃপা প্ৰসাদ উপাধ্যায়ে৷

বিয়লি ২ বজাত মাৰ্ঘেৰিটা সাংবাদিক সাংবাদিক সংস্থাৰ সাধাৰণ সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাত আগন্তুক কাৰ্যকালৰ বাবে পুনৰ ৰাজীৱ নিংখীক উপদেষ্টা  ৰাম প্ৰসাদ আম্বেদকাৰক সভাপতি পাৰ্থপ্ৰতীম গোস্বামীক উপ সভাপতি ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া তপন দেক যুটীয়া সম্পাদক মানসপ্ৰতীম গগৈক সাংগঠনিক সম্পাদক  শ্যামল নেওগ আৰু মিঠুন বৰুৱাক সহ সম্পাদক আৰু ফাইজুৰ ৰহমানক কোষাধ্যক্ষ হিচাপে লৈ এখনি নতুন সমিতি গঠন কৰা হয় ।সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । উদ্বোধন কৰে মোলাং খামতি বৌদ্ধ বিহাৰৰ জ্যোতিকা ভান্টেই । অন্তিম দিনা পুৱা ১১  বজাত সাংবাদিক – ৰাইজৰ সৈতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ এক মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয় । সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আতঁ ধৰা অনুষ্ঠানত সাংবাদিক . স্থানীয় নেতৃস্থানীয় ব্যক্তি আৰু অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে  লিডুৰ অৰ্ধ নিৰ্মিত আই টি আই মোলাং গাওঁ স্থিত অৰ্ধ নিৰ্মিত উপ-স্বাস্থ্য কেন্দ্ৰ বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া মাৰ্ঘেৰিটা কেন্দ্ৰীয় পুথিভৰালৰ অভাৱ আদিকে ধৰি সমষ্টিৰ বিভিন্ন সমস্যা দৃষ্টি গোচৰ কৰি  সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই । বিধায়ক শৰ্মাই আগন্তুক সময়ত এনে ধৰণৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ লগতে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । অন্যহাতে সংস্থাই সমষ্টিৰ বিভিন্ন সমস্যা সময়ে সময়ে লিখিত ভাৱে বিধায়কক অৱগত কৰিব আৰু পৰ্যায় ক্ৰমে সমাধান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি ৰাজহুৱা ভাৱে বিধায়ক শৰ্মাই সহাৰি জনায় ।তাৰ পাছতে এক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । অজাযুছাপৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰ প্ৰাপ্ত সম্পাদক কান্ঞ্চন বৰাই উদ্বোধন কৰা সমাৰোহ খনি জিকিৰেৰে শুভাৰম্ভ হোৱাৰ পাছতে কেইবাটাও জনগোষ্ঠীয় দলে  লোক কৃষ্টি পৰিবেশন কৰে । বিয়লি সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা খনৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি কৃষ্ণ প্ৰসাদ শৰ্মাই । সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য বাখ্যা কৰা সভা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কণক চন্দ্ৰ শৰ্মা সাংবাদিকতা  বটা বিজয়ী সাংবাদিক জগত চাংমাইয়ে । অসম বাৰ্তাজীৱি সংঘৰ সভাপতি কেশৱ কলিতাই মুখ্য অতিথি ৰূপে উপস্থিত থাকি সাংবাদিক জীৱন প্ৰত্যাহ্বান আৰু মালিক পক্ষৰ শোষণৰ সন্দৰ্ভত আলোকপাত কৰে । কলিতাই সংস্থাৰ মুখপত্ৰ সীমান্তৰ দ্বাদশ সংখ্যাটি উন্মোচন কৰে ।  অসম বাৰ্তাজীৱি সংঘৰ দক্ষিণ পূব মণ্ডলৰ উপ সভাপতি কমল তালুকদাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা সাধাৰণ সম্পাদক মনোৰঞ্জন দাস সোমেশ্বৰ নেওগ  প্ৰাণ গোহাই চন্দ্ৰ গৌতম কণিকা দে   আদি কে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সন্মানীয় অতিথি ৰূপে  অংশগ্ৰহণ কৰা সভাখনত দাতু হাচেং,লক্ষণ গড়, ভোলা দত্ত বাপী সৰকাৰ কৃষ্ণ প্ৰসাদ শৰ্মা চন্দ্ৰ গৌতম আশীক আলী বাবলু গড় টিকা ভট্ৰৰাই ইন্দুৰণ্জ্ঞন বৰুৱা পূৰ্ণিমা গগৈ ডাঃ প্ৰদ্যুৎ কুমাৰ সিংহ ভীম প্ৰসাদ শৰ্মা ভৱানী প্ৰসাদ শৰ্মা মুকুট বৰপাত্ৰ গোহাই নং ইয়ংকুক প্ৰদীপ লিম্বু  দেৱেন চাউলিক চি নাগেশ্বৰ ৰাওঁ ডি এম ৰাওঁ শান্তি নাথ দোৱনীয়া সিদ্ধি মান ৰাই আদিকে ধৰি ডেৰ কুৰি বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত সমাজজীৱনলৈ আগবঢ়াই অহা বৰঙণিৰ সামাজিক স্বীকৃতি স্বৰূপে ফুলাম গামোচা আৰু সম্বর্ধনা পত্ৰৰে সম্বর্ধনা জনোৱা হয় । নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটো গীতৰে সঁজাই তোলে গুৱাহাটীৰ মেৰোলিন বৰদলৈ আৰু কাবেৰী বৰপাত্ৰ গোহাইয়ে । উদ্বোধন কৰে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি বাইলুঙে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close