অসমউত্তৰ পূবশীৰ্ষৰাষ্ট্ৰীয়

মুকালমুৱাত হত্যাকাণ্ড,হত্যাকাৰী স্বামী ৰফিকুল ইছলাম পলাতক

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ:বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চাউলখোৱাৰ নিকতবৰ্তী ভৈৰাঘোল গাওঁত নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়৷গাওঁখনৰ ইয়াদ আলী নামৰ লোকজনৰ পুত্ৰ ৰফিকুল ইছলামে নিজৰ পত্নীক চোকা অস্ত্ৰৰে মুৰত কোবাই হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উল্লেখযোগ্য যে নিশা স্বামী ৰফিকুলে নিজৰ পত্নীক মৰিয়াই,মৰিয়াই হত্যা কৰি নাটকীয় ভাৱে আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে ভয়ংকৰ চেষ্টা চলাইছিল৷ ৰফিকুলে পত্নীক হত্যা কৰি পত্নীক বিচনাত পেলাই থৈ পত্নীৰ বিচনাৰ ওচৰে-পাজৰে বিষ চিতোৱাই পত্নীয়ে আত্মহত্যা কৰাৰ ভয়ংকৰ নাটক ৰচিব বিচাৰিছিল৷ৰাতিপুৱা তিনি সন্তানৰ মাতৃ গৰাকীৰ মুৰত তেজ ওলোৱা প্ৰত্যক্ষ কৰিছিল সন্তান কেইটাই৷সন্তান কেইটাই মাতৃৰ মুৰত তেজ ওলোৱা দেখি চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়াৰ লোক সমাগম হয় ৰফিকুলৰ ঘৰত৷পিছত মহিলাগৰাকীক স্থানীয় কেইজনমান লোকে হস্পিটাললৈ লৈ আহে যদিওঁ চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ইপিনে হত্যাকাণ্ড সংঘটিত কৰিয়ে পুৱতি নিশা হত্যাকাৰী স্বামীয়ে ঘৰৰ পৰা পলায়ন কৰে৷ঘটনা সন্ধৰ্ভত স্থানীয় লোকে জানিবলৈ দিয়া মতে একমাত্ৰ প্ৰেমজনিত কাৰণতে ৰফিকুলে পত্নীক এনেদৰে নৃশংসভাৱ হত্যা কৰিছে৷

স্থানীয় লোক তথা মহিলা গৰাকীৰ আত্মীয়ই সদৰী কৰা মতে ৰফিকুলে ভালে কেইজনী যুৱতী-মহিলাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক৷যি কথা তেওঁৰ পত্নীয়ে জানিব পাৰি ৰফিকুলক এনে কৰ্মৰ পৰা আতৰি থকাৰ বাবে অনুৰোধ কৰিছিল তেনেস্থলত পত্নীকে ওলোতাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৰফিকুলৰ বিৰুদ্ধে৷ৰফিকুলে ইমানে নহয় ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি ৰফিকুলে এগৰাকী যুৱতীৰ সৈতে অসামাজিক কামত লিপ্ত হৈছিল আৰু এই কথা পোহৰলৈ অহাৰ পিছত স্থানীয় ৰাইজে ইয়াৰ সুবিচাৰো কৰিছিল৷ইমানৰ পিছতো ৰফিকুলে পত্নীৰ ওপৰত প্ৰায়ে চলাইছিল অকথ্য নিৰ্যাতন৷এই হত্যাকাণ্ডৰ খৱৰ পোৱা মাত্ৰাকে গাওঁখনৰ অধিকাংশ লোকে ৰফিকুলৰ ঘৰত উপস্থিত হৈ উত্তপ্ত পৰিষ্ঠিৰ সৃষ্টি কৰে৷একাংশ উত্তেজিত লোকে ৰফিকুলৰ বাসগৃহ ও লণ্ড-ভণ্ড কৰে৷

ইপিনে ঘটনা সন্ধৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close