শেহতীয়া
Home / অসম / মুকালমুৱাৰ আদাবাৰীত নিশা অগ্নিকাণ্ড

মুকালমুৱাৰ আদাবাৰীত নিশা অগ্নিকাণ্ড

প্ৰথম খবৰ,মুকালমুৱা:মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত আদাবাৰীত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডটোত সম্পুৰ্ণৰূপে জাহ যায় তিনি খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান। অগ্নিকাণ্ডটোত জাকিৰ হুছেইন নামৰ ব্যৱসায়ীজনৰ ইলেকট্ৰনিক দোকানখনৰ ৮ লক্ষাধিক টকাৰ সম্পত্তি ভস্মিভুত হোৱাৰ লগতে ৰেকিবুদ্দিন আহমেদ নামৰ ব্যৱসায়ীজনৰ মোৱাইল দোকানৰ ৪ লক্ষ্যাধিক টকাৰ আৰু আইনুদ্দিন আহমেদ নামৰ ব্যৱসায়ী জনৰ সুলভ মুল্যৰ দোকানখনৰ ৩ লক্ষ্যাধিক টকাৰ সম্পত্তি জুইত জাহ যায়৷ নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা অগ্নিকাণ্ডটো বৈদ্যুতিক চৰ্ট চাৰ্কিতৰ ফলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছত মুকালমুৱা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইত তিনিওখন দোকান সম্পুৰ্ণৰূপে ভস্মিভুত হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*