অসমশীৰ্ষ

মুকালমুৱাৰ বৰতলাত ৰাজপথত জ্বলিল চলন্ত ট্ৰেভেলাৰ

মুকালমুৱাৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ:হাজো-দৌলাশাল পথৰ বৰতলাত আজি ৰাতিপুৱাই সংঘটিত হ’ল এক ভয়ানক ঘটনা৷ ৰাজপথত জ্বলি উঠিল চলন্ত ট্ৰেভেলাৰ। গুৱাহাটীৰপৰা বৰপেটা অভিমুখে গৈ থকা AS-01-GC-1174 নম্বৰৰ চলন্ত ট্ৰেভেলাৰ গাড়ীখন হঠাতে দাউদাউকৈ জ্বলি উঠিল৷ উল্লেখযোগ্য যে ৪০ জনৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰ গাড়ীখনৰ প্ৰথম পিছফালৰপৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল গাড়ীখনত থকা এগৰাকী মহিলা যাত্ৰীয়ে৷ যাত্ৰীগৰাকীয়ে প্ৰথমতে সেই ধোৱা অইন কৰোৱাৰ বুলিহে ভাবিছিল৷ অনুক্ৰমে ধোৱা গাড়ীখনৰ চাৰিওফালে বিয়পি পৰাৰ পিছত হাহাকাৰ লাগে গাড়ীখনৰ ভিতৰত থকা যাত্ৰীসকলৰ৷ লগে,লগে ড্ৰাইভাৰজনে গাড়ীখন ৰখোৱাই যাত্ৰী সকলক ততাতয়াকৈ গাড়ীখনৰ পৰা নামি আহিবলৈ কয় যদিও জুই উমি,উমি জ্বলোৱা প্ৰত্যক্ষ কৰিছিল যাত্ৰী সকলে। লগে,লগে যাত্ৰীসকলে খিৰিকিৰ গ্লাছ ভাঙি ওলাই আহে যদিও তেওঁলোকৰ যাৱতীয় বয়-বস্তু সামগ্ৰী উলিয়াবলৈ সক্ষম নহল। মুহুৰ্ততে দাউদাউকৈ জ্বলি উঠিল গাড়ীখন আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰে ৪০জনৰো অধিক যাত্ৰীৰ৷ স্থানীয় লোকে অগ্নি-নিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও ইতিমধ্যে গা়ড়ীখন সম্পুৰ্ণৰূপে ভয়ংকৰ অগ্নিকাণ্ডটোত জাহ যায়। মুকালমুৱা আৰক্ষীয়ে প্ৰাথমিক তদন্তত অগ্নিকাণ্ডটো চৰ্ট চাৰ্কিটৰ পৰা সুত্ৰপাত হয় বুলি জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close