অসমযুৱশীৰ্ষ

মৈৰাবাৰীৰ যুৱ ব্যৱসায়ীক হত্যাৰ চেষ্টাৰ আৰত পৰকীয়া প্ৰেম,পৰকীয়া প্ৰেমিকসহ পত্নীক আটক

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম,প্ৰথম খবৰ:যোৱা বুধবাৰে সন্ধিয়া মৈৰাবাৰী বজাৰৰ ছুপাৰ কাউন্টাৰৰ সমীপৰ এগৰাকী যুৱ ব্যৱসায়ীক নিজ ঘৰৰ চোতালতে দূৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলোৱা কাৰ্য্যৰ ৰহস্য উদ্ঘাটন হৈছে।

জানিব পৰা মতে ইকবাল হুছেইন নামৰ যুৱ ব্যৱসায়ীজনৰ পত্নীগৰাকীৰ লগত থকা নিজৰ ভতিজা শ্বাহজালালৰ দীৰ্ঘদিনীয়া অবৈধ প্ৰেমৰ পৰিণতিতেই দুয়োজনে মিলি ব্যৱসায়ীজনক প্ৰাণে মৰাৰ চেষ্টা চলাইছিল৷ব্যৱসায়ীজনক দাৰে ঘপিয়াই থকাসৰকা কৰি মৃত বুলি চোতালতে পেলাই থৈছিল যদিও নিয়তিৰ কি পৰিহাস,আজিও মৃত্যুৰে যুজি হাৰ মনা নাই ব্যৱসায়ীজনে৷প্ৰথম অৱস্থাত মৈৰাবাৰী আৰক্ষীয়ে ঘটনা সংক্ৰান্তত স্থানীয় তিনিজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত ঘটনাৰ ৰহস্য উদ্ঘাটন হোৱাত আটকাধীন লোক তিনিজনক মুকলি কৰি দি পত্নী আৰু ভতিজাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।সমাজক কলংকৃত কৰি অঞ্চলটোৰ ভাৱমূৰ্তিক জনমাণসত হেয় প্ৰতিপন্ন কৰা অপৰাধীকেইজনৰ কঠোৰতম শাস্তিৰ দাবী জনোৱাৰ লগতে ব্যাৱসায়ীজনৰ আৰোগ্য কামনা কৰিছে অঞ্চলটোৰ সমূহ জনসাধাৰনৰ লগতে স্থানীয় দল-সংগঠনসমূহে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close