অসমউত্তৰ পূবশীৰ্ষৰাষ্ট্ৰীয়

মোডিৰ ছ্যুটৰ পিছত এতিয়া ৰাহুলৰ জেকেট বিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাহুল গান্ধী মঙ্গল বাৰে মেঘালয় উপস্থিত হয়। ইয়াত কংগ্ৰেছ দলে যুৱক সকলৰ মাজত সজাগতাৰ উদ্দেশ্য এক কনচাৰ্টৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাহুলক এটা কলা জেকেট পিন্ধি থকা দেখিবলৈ পোৱা যায়। এই জেকেটতোৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা বুলি জানিব পৰা গৈছে। ইয়াকে লৈ বিজেপি দলে মন্তব্য কৰিছে যে, কলা ধনৰ লগত কলা ছ্যুট বুটৰ চৰকাৰে দেখোৱাইছে যে ৰাজ্যত কিমান দুৰ্নীতি হৈছে।
মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব। দুদিনীয়া ভ্ৰমণসূচি লৈ ৰাহুল মেঘালয়ত উপস্থিত হৈছে। ৰাহুলৰ জেকেটক লৈ চলিছে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত বোকা চটিওৱা খেল।
ৰাহুলৰ জেকেটক লৈ মেঘালয় বিজেপিয়ে টুইট কৰি কয় যে, কংগ্ৰেছৰ সভাপতি জনে সভাত কেৱল পাঁচ মিনিট হে ভাষণ দিয়ে, কিন্তু তেওঁ যিটো জেকেট পিন্ধিছে সেইটো লৈ আমাৰ সন্দেহ হৈছে। বিজেপিয়ে আকৌ টুইট কৰি কয় যে, আমাৰ ভুলবোৰ গনিব এৰি মেঘালয়ৰ চৰকাৰক তেওঁলোকৰ দুৰ্নীতিৰ ৰিপৰ্ট কাৰ্ড দিব লাগে। আপোনালোকৰ মুখা খোল খাই গৈছে। মেঘালয় বিজেপিয়ে জেকেটৰ ছবি আৰু মূল্য টুইটাৰত পোষ্ট কৰে।
কি আছে জেকেটত ?
ৰাহুলৰ জেকেটতো বিখ্যাত ব্ৰিটিছ ফেশ্বণ ব্ৰাণ্ড বাৰবাৰিৰ হয়। ব্লুমিংগদেল ৱেবচাইটৰ মতে জেকেটতোৰ আনুমানিক মূল্য ৬৮,১৪৫ টকা জানিব পৰা গৈছে।
কিয় বিতৰ্ক হ’ল জেকেটক লৈ ?
২০১৫ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অবামা যেতিয়া ভাৰত ভ্ৰমণ কৰিব আহিছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণৰ সূতাৰে চিলোৱা যোধপুৰি ছ্যুট পিন্ধিছিল। ৰাহুলে মোডীক আক্ৰমণ কৰি কৈছিলে এইখন চৰকাৰ ছ্যুট বুটৰ চৰকাৰ। পৰৱৰ্তী সময়ত মোডীৰ চুটযোৰ নিলামত দিয়া হয়। নিলামত ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১১ লাখ টকা আৰু ছ্যুটযোৰ বিক্ৰী কৰা হয় ৪ কৌটি ৩১ লাখ টকাত।

Related Articles

Leave a Reply

Close