শেহতীয়া
Home / অসম / মৰিয়নিত শক্তিমন্ত্ৰী পল্লব লোচন দাস:খবৰ লয় আটচাৰ শ্বহীদৰ পৰিয়ালবৰ্গৰ

মৰিয়নিত শক্তিমন্ত্ৰী পল্লব লোচন দাস:খবৰ লয় আটচাৰ শ্বহীদৰ পৰিয়ালবৰ্গৰ

প্ৰথম খবৰ,মৰিয়নি:আজি  শক্তি ও শ্ৰম মন্ত্ৰী পল্লব লোচন দাস  মৰিয়নিত উপস্থিত হয় সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পঞ্চ শ্বহীদৰ ঘৰত। শ্বহীদৰ পৰিয়ালবৰ্গৰ লগ কৰি  আবেগিক হৈ পৰে মন্ত্ৰী গৰাকী। উল্লেখ্য যে ১৯৮৮ চনৰ ৭জুন তাৰিখে আটচাই আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধ কায্যসূচী সফল কৰিবলৈ গৈ এক আকস্মিক পথ দুৰ্ঘটনাত পাঁচজনকৈ ছাত্ৰই ক্ৰমে প্ৰয়াত কৃতিনাথ ছত্ৰী,গলেশ্বৰ ছত্ৰী,এডমান কৰলা,বুলোঁ কুৰ্মী,ইন্দ্ৰ তাঁতীৰ মৃত্যু বৰণ হৈছিল। পৰৱৰ্ত্তী সময়ত এই সকলক আটচাই শ্বহীদ ঘোষণা কৰিছিল। বিগত ছেপ্টেম্বৰ মাহত বিজেপি চৰকাৰৰ ফালৰ পৰা সেই শ্বহীদৰ পৰিয়ালবৰ্গলৈ পাঁচলাখকৈ এককালীন সাহায্য দিছিল। পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে শ্বহীদৰ পৰিয়ালবৰ্গক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*