শেহতীয়া
Home / অসম / লংকাৰ কাকীত লোমহৰ্ষক হত্যাকাণ্ড,পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

লংকাৰ কাকীত লোমহৰ্ষক হত্যাকাণ্ড,পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ:লংকাৰ কাকীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷নিজ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱাব লগা হয় জন্মদাতা পিতৃয়ে৷কাকীৰ ২ নং লক্ষীপথাৰত কালি সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাৰ কথা পোহৰলৈ আহে আজি পুৱাৰ ভাগত হয়৷
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে,কাকীৰ ২ নং লক্ষীপথাৰত যোৱা কালি এটা গাহৰি পোৱালীক কেন্দ্ৰ কৰি পিতৃ সুগ্ৰীৱ কোচৰ সৈতে বাক বিতন্তাত লিপ্ত হয় পুত্ৰ চবিন কোচে৷প্ৰথমে তৰ্কা,তৰ্কিয়ে এটা সময়ত লয়গৈ চূড়ান্ত ৰূপ৷সুৰাৰ ৰাগিত মাতাল হৈ থকা নিজ পিতৃক হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰই কোৰৰে আক্ৰমণ কৰে৷ পুত্ৰৰ কোৰৰ ঘাপত পিতৃ সুগ্ৰীৱ কোচ মাটিত ঢলি পৰি থিতাতে মৃত্যু হয়৷ ইফালে,হত্যাকাৰী পুত্ৰই আজি পুৱাই লংকা আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰাত সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে৷বৰ্তমান লংকা আৰক্ষীয়ে চবিন কোচঁক গ্ৰেপ্তাৰ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*