অসমউত্তৰ পূব

লাওডোবাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান,প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত লাওডোৱা প্ৰাথমিক বিদালয় প্ৰাংঙ্গনত আজি দিনজোৰা বৰ্নাঢ্য কাৰ্য্যসূচীৰে মহান স্বাধীনতা সংগ্ৰামী নেতা প্ৰয়াত সুভাষ চন্দ্ৰ বসুৰ ১২২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ।লাওডোবা আঞ্চলিক নেতাজী ক্লাৱৰ উদ্যোগত উদযাপন কৰা জন্ম জয়ন্তীৰ ৰাতিপুৱা অনুষ্টিত কৰা হয় প্ৰভাত ফেৰী । ইয়াৰ পিছত ক্লাৱৰ সভাপতি বলোৰাম বিশ্বাসে পতাকা উত্তোলন কৰাৰ পিছত বৃক্ষ ৰোপন, আৰু মহান ব্যক্তি গৰাকীৰ আৱক্ষয় মুৰ্ত্তিত মাল্যৰ্পন আদি কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।১১ বজাত মুকলি সভাখন অনুষ্টিত কৰা হয় । অৱসৰ প্ৰাপ্ত শিক্ষক খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্টিত সভাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত মাত পৰিবেশন কৰে ।সভাত পান্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক শান্তনু ৰায় চৌধুৰী, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডা: গনেশ্বৰ চহৰীয়া, সমাজ কৰ্মী  দিলীপ ঠাকুৰীয়া, সুখান্ত বসাকৰ লগতে কেবাজন গন্য মান্য ব্যক্তিয়ে উপস্তিত থাকি মহান ব্যক্তিজনৰ জীৱনীৰ উপৰত সাৰুৱা ভাষণ প্ৰদান কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close