Home / অসম / লাকুৱাত আহোম ৰাজবংশাৱলী অনুষ্ঠান সম্পন্ন;“চ্যুকাফা” নাটকে মুগ্ধ কৰালে সহস্ৰাধিক দৰ্শকক

লাকুৱাত আহোম ৰাজবংশাৱলী অনুষ্ঠান সম্পন্ন;“চ্যুকাফা” নাটকে মুগ্ধ কৰালে সহস্ৰাধিক দৰ্শকক

শিমলুগুৰিৰপৰা নেকিবুল হক;প্ৰথম খবৰ:
আকুলতাৰে হৃদয় বিগলিত হৈ আত্মিক বান্ধোন দৃঢ় কৰাৰ মানসেৰে শিৱসাগৰ জিলাৰ লাকুৱা চাৰিঙীয়া খেলপথাৰত লাইলৌ বৰুৱা ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ আহোম ৰাজবংশাৱলী আজি সামৰণি পৰে৷যোৱা ১৯ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠান প্ৰথম দিনা মাংগলিক অনুষ্ঠানে শুভাৰম্ভ কৰাৰ পাছত প্ৰদৰ্শনী দ্বাৰ আৰু খাদ্য মেনা মুকলি কৰা হয়৷দ্বিলীয় দিনাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়৷একেদিনাই আহোম কাবংশাৱলীৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷বংশলতা প্ৰস্তুতি সমিতিৰ সম্পাদক উদয় ৰাজকোঁৱৰে আঁত ধৰা অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে টাই সংস্কৃতিৰ গৱেষক ড°পুষ্প গগৈয়ে৷সন্ধ্যা কুশ ৰাজকোঁৱৰৰ ৰচনা আৰু পলাশ প্ৰতীম মেছৰ পৰিচালনাত পূৰ্ণাংগ ৰূপত “চাওলুং চ্যুকাফা ” শীৰ্ষক নাট প্ৰদৰ্শন কৰা হয়৷স্থানীয় শিল্পী সকলৰ দ্বাৰা অভিনিত নাটখনে উপস্থিত দৰ্শকক আপ্লুত কৰে৷আজি বংশাৱলী অনুস্থানৰ অন্তিম দিনা চাফাই অভিযান,বৃক্ষ ৰোপনৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়৷আয়োজক সমিতিৰ উপদেষ্টা ক্ষীৰোদ ৰাজকোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত সমাজকৰ্মী ডম্বৰু ৰাজকোঁৱৰ৷কৃষ্ণ ৰাজকোঁৱৰৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰীয় শিল্পী আচুৰবংশাৱলীত প্ৰদৰ্শিত হৈছে আহোম স্বৰ্গদেউ গদাধৰ সিংহই ব্যৱহাৰ কৰা তৰোৱাল,কাঁহৰ কাহী,চৰিয়াকে ধৰি বহুকেইপদ আপুৰুগীয়া সম্পদ৷ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে লাকুৱাত অনুষ্ঠিত হোৱা আহোম ৰাজবংশাৱলীৰ আজি প্ৰথম দিনা পুৱা মাংগলিক অনুস্থানেৰে শুভাৰম্ভ কৰা হয়৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰ্হি ৰাজ্যৰ প্ৰতিনিধি সমবেত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শুক্ৰবাৰে প্ৰদৰ্শনী দোৱাৰ আৰু খাদ্য মেলা উদ্বোধন কৰা হয়৷প্ৰদৰ্শনী মেলাত বিভিন্ন ধৰণৰ ঐতিহাসিক সমল প্ৰদৰ্শন কৰা হয়৷ঐতিহাসিক লাইলৌ বৰুৱা ক্ষেত্ৰত উখল মাখল পৰিবেশে বিৰাজ কৰা অন্তত আজি নিজম পৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*