অসমশীৰ্ষ

লাকুৱা-বিহুবৰত দুই ছাত্র সন্ধানহীন 

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:শিৱসাগৰ জিলাৰ চণ্টক নগাঁও দহুতলা বস্তিৰ বিজয় মাঝিৰ ১৩ বছৰীয়া পুত্ৰ তথা ৰহদৈ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ সুনীল মাঝি নামৰ ল’ৰা জন যোৱা ২৭ ডিচেম্বৰৰ পৰা নিখোজ হৈ থকাৰ লগতে চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি বাগিচাৰ ৩ নং লাইনৰ সুমীত কৰ্মকাৰৰ ১১ বছৰীয়া পুত্ৰ তথা নাহৰহাবি চিনাটুকুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র দেৱাশিস কৰ্মকাৰো যোৱা ১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত শিমলুগুৰি আৰু বিহুবৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে যদিও বৰ্তমানলৈ সুংসুত্ৰ ওলোৱা নাই নিৰুদিষ্ট কিশোৰ দুজনৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close