অসমউত্তৰ পূব

শালনা জ্ঞান-বিজ্ঞান একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

চামগুৰিৰপৰা নৃপেন হাজৰিকা,প্ৰথম খবৰ:নগাওঁ জিলাৰ শালনা চিমনাবস্তিৰ জটিয়া পথাৰস্থিত জ্ঞান-বিজ্ঞান একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে অনুষ্ঠিত হৈ যায়।বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কুমাৰ দাসে সঞ্চালনা কৰা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে সংযুক্ত মুক্তি বাহিনী অসম,আলোচনা পন্থী গোটৰ নেতা জীতেন দত্ত,অন্টু চাওদাং,সাংবাদিক নৃপেন কেওট,শিক্ষাবিদ তথা সমাজ কৰ্মী নিতাই প্ৰধান ৰূপজ্যোতি মহন্তকে ধৰি ভালে সংখ্যক গণ্যমান্য লোক উপস্থিত থাকি সভাখনৰ গৌৰব বৃদ্ধি কৰে।সমাজ কৰ্মী তথা জ্ঞান-বিজ্ঞান একাডেমীৰ স্বত্বাধিকাৰী ৰবীন দেউৰীয়ে আতধৰা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থকা সকলে অতি ভিতৰুৱা অঞ্চলত অৱস্থিত উক্ত বিদ্যালয় খনে অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।উক্ত সভাখনৰ অন্তত বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে গীত,নৃত্য আদি প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্রিত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে গীত পৰিবেশন কৰি শ্ৰোতা দৰ্শকক মন্ত্রমুগ্ধ কৰে৷

Related Articles

Leave a Reply

Close