অসম

শিমলুগুৰিত মৃত্যু নাহৰফুটুকী উদ্ধাৰ

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ: 
শিমলুগুৰি ৰামু দেওধাইগাঁৱৰ বিজিত দত্ত নামৰ ব্যক্তিজনৰ গৃহৰ এটা কোঁৱাৰ পৰা উদ্ধাৰ মৃত নাহৰফুটুকী৷ কুঁৱাত পৰিয়েই মৃত্যু হোৱাৰ সন্দেহ৷
চিকাৰ কৰিবলৈ আহি নাদত পৰি নিজে মৃত্যুক আকোৱাঁলি ললে এটা নাহৰফুটুকীয়ে৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰৰ সমীপৰ ৰামু দেউধাই গাৱঁত সংঘটিত হল এই ঘটনা৷ নিশা গৰালৰ ছাগলী বিচাৰি আহোতেই দ নাদত পৰি মৃত্যু হ’ল নাহৰ ফুটুকীটোৰ৷ বৃহস্পতিবাৰে পুৱা নাদৰ পৰা পানী তুলিবলৈ যাওতে প্ৰত্যক্ষ কৰে নাহৰফুটুকীটো৷ বন বিভাগ আৰু স্হানীয় আৰক্ষীক খবৰ দিয়াত বন বিভাগৰ লোক আহি নাহৰফুটুকীটো উদ্ধৰ কৰি ব্যৱস্হা গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close