অসমযুৱশীৰ্ষ

শিৱসাগৰত অচিনাক্ত এজন লোক দূৰ্ঘটনাত পতিত,সংকতজনক অৱস্তাত চিকিৎসালয়ত চিকিৎসাধীন

প্ৰথম খবৰ,শিৱসাগৰ:শিৱসাগৰ চহৰৰ দিখৌ দলংৰ সমিপৰ আদিত্য নাৰ্চিং হোম নামৰ ব্যক্তিগত চিকিংসালয়খনৰ সন্মুখত যোৱা নিশা প্ৰায় ৯.৪৫ মান বজাত AS06/4308 নম্বৰ হিৰহোণ্ডা ইসপ্লেণ্ডাৰ মটৰ চাইকেলেৰে চহৰৰ ফালৰ পৰা জয়সাগৰৰ দিশে গৈ থকাৰ অৱস্তাত এক পথ দূৰ্ঘটনাত পতিত হয়৷দূৰ্ঘটনাত পতিত হোৱা লোকজন সম্প্ৰতি অচিনাক্ত অৱস্তাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অচেতন অৱস্তাত চিকিৎসাধীন৷দূৰ্ঘটনাত পতিত তথা সংকতজন অৱস্তাত শিৱসাগৰ অৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও লোকজনৰ অভিভাৱক বা পৰিচিত লোকৰ অভাৱত উন্নত চিকিৎসালয়লৈ পঠিওৱাত সংকতত পৰিছে শিৱসাগৰৰ পুলিচ বিভাগ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close