অসম

শিৱসাগৰ আমগুৰিত সমাজ কল্যাণৰ পয়াঁ লগা অৱস্থা, উৰুখা গৃহত চলিছে অংগণবাড়ী কেন্দ্ৰ

প্ৰথম খবৰ,নামতি: শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এটা অংগনবাড়ী কেন্দ্ৰ। কেন্দ্ৰটোৰ বাবে এটি পকী ঘৰ আছে যদিও ঘৰটোৰ ওপৰৰ একাংশত নাই টিংপাত। এখন পলিথিন দি চলাই থকা হৈছে অংগনবাড়ী কেন্দ্ৰটো। এই বিশেষ কেন্দ্ৰটো আছে আমগুৰি সংহত শিশু বিকাশ প্ৰকল্প  বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰাহীবাৰী গায়ন গাঁৱত।

৩৫ নং বৰাহীবাৰী গায়েন গাঁৱ অংগনবাড়ী কেন্দ্ৰটোৰ এতিয়া জহি খহি যোৱা অৱস্থা। কেন্দ্ৰটোৰ শিশু সকলে বৰষুণৰ বতৰত কেচু কুমটিৰ সৈতে সহ অৱস্থান কৰি শিক্ষা আৰু খাদ্য গ্ৰহণ কৰিব লগা হয়। কেন্দ্ৰটোৰ পকী গৃহৰ ওপৰৰ টিংপাত মামৰে ধৰি উৱঁলি যোৱাৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকাই কণ কণ শিশু সকলক মুকলি আকাশৰ তলত শিক্ষা দান কৰিব লগা হৈছে। আনহাতে বৰষুণৰ বতৰত খাদ্য ৰান্ধিব নোৱাৰি বিস্কুট দিয়েই দায়িত্ব সামৰিব লগা হৈছে। কেন্দ্ৰটোৰ এনে দুৰৱস্থাৰ পাছতো বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ বাবে এখন পলিথিন দি কোনোমতে কেন্দ্ৰটোৰ কাম কাজ চলাই থকা হৈছ। সমাজ কল্যাণ বিভাগে  ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি বৰ বৰ বিজ্ঞাপনেৰে বিভাগৰ উন্নয়ৰ ঢাক ঢোল বজাই থকাৰ সময়তে এই অংগণবাড়ী কেন্দ্ৰটোৰ দুৰৱস্থাই বিভাগটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close