শেহতীয়া
Home / অসম / শিৱসাগৰ আৰক্ষীৰ বৃহৎ অভিযান,তেল চোৰৰ সৈতে ছয় জব্দ:ৰঙাঘৰৰ অতিথি হ’ল পৌৰ সভাৰ কৰ্মচাৰী সহ জুৱাৰীৰ দল

শিৱসাগৰ আৰক্ষীৰ বৃহৎ অভিযান,তেল চোৰৰ সৈতে ছয় জব্দ:ৰঙাঘৰৰ অতিথি হ’ল পৌৰ সভাৰ কৰ্মচাৰী সহ জুৱাৰীৰ দল

প্ৰথম খবৰ,শিৱসাগৰ:শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা। জুৱাৰ চৰ্দাৰ তথা চোৰাং তেলৰ মাফিয়া চেলিম আহমেদ সহ ১৪ কুখ্যাত জুৱাৰী পৰিল আৰক্ষীৰ জালত৷ জুৱা খেলি ১৪ জুৱাৰীৰ লগত ৰঙাঘৰৰ আলহী হ’ল শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে পি ৷

শিৱসাগৰত জুৱাৰ ঘাটি পাতি শিৱসাগৰ আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা কুখ্যাত তেল চোৰ চেলিম আহমেদ আৰু পৌৰ সভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত অৱশেষত পৰিল শিৱসাগৰ আৰক্ষীৰ জালত৷ তেল চুৰিৰে ধন কুবেৰত পৰিণত হোৱা চেলিম,সঞ্জীৱ সহ ১৪ জুৱাৰীয়ে শিৱসাগৰৰ বগীদ’ল সিংহদুৱাৰত নিশা বৃহৎ জুৱাৰ আড্ডাত জুৱা খেলি থকা অৱস্থাতে অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু নগৰ পৰিদৰ্শক উত্তম টামাঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই হাতে লোটে ধৰিবলৈ সক্ষম হ’ল চেলিম সহ জুৱাৰীৰ দলটোক৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ কালত আন দুটা জুৱাৰ চৰ্দাৰ পলায়ন কৰিবলৈ সক্ষম হয় যদিও শিৱসাগৰ আৰক্ষীয়ে জুৱাৰ আড্ডাস্থলীৰ পৰা AS 04 N 5288,AS 04 E 2042, AS 06 T 3936,AS 04 K 8134,AS O4 P 4355 আৰু এখন নম্বৰ প্লেট বিহীন HYUNDAI i20 Active সহ ছয়খন বিলাসী বাহনৰ লগতে ১ লাখ ৬ হাজাৰ টকাৰ উপৰি ১৪ টা ম’বাইল জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে তেল চুৰিৰে সমগ্ৰ শিৱসাগৰত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ধন কুৱেৰত পৰিণত হোৱা চেলিম আৰু জুৱাৰ আড্ডাৰে শিৱসাগৰৰ সমাজ জীৱন ধ্বংস কৰা সঞ্জীৱ দত্ত ওৰফে পি য়ে ধনৰ টোপ দি মুকলি হৈ যাবলৈ প্ৰচেষ্টা চলাই যদিও অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু আৰক্ষী বিষয়া উত্তম তামাঙে দুই কুখ্যাত জুৱাৰী সহ ধৃত জুৱাৰী কেইটাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে ৰঙাঘৰলৈ প্ৰেৰণ কৰে৷ ইফালে জুৱাৰ আড্ডাৰ পৰা পলায়ন কৰা দাস আৰু বৰদলৈ উপাধিৰ আন দুই জুৱাৰ চৰ্দাৰৰ সন্ধানত আৰক্ষীয়ে জোৰদাৰ তদন্ত কৰিছে বুলি জানিবলৈ দিছে অভিযানত নেতৃত্ব দিয়া আৰক্ষী বিষয়াদ্বয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*