অসমগুৱাহাটীশীৰ্ষ

শুৱালকুছিত জবকাৰ্ডৰ নামত অবাধ লুণ্ঠনৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পিছতেই ভানুৰ সকীয়নি

চাংসাৰীৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি উন্নয়ণ খণ্ডত এনৰেগা আঁচনি ৰূপায়ণৰ নামত জবকাৰ্ড ভাড়ালৈ আনি চলাইছে অবাধ লুণ্ঠণ।নিয়ম অনুসৰি এনৰেগা আঁচনিৰ কামসমূহ জবকাৰ্ড থকা স্থানীয় লোকৰ দ্বাৰা কৰোৱাটো বাধ্যতামূলক,যাৰ বিনিময়ত জবকাৰ্ড ধাৰী সকলে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া মজুৰি সাপ্তাহিক ভাৱে বেংক একাউন্টত জমা হয়।কিন্ত তাৰ বিপৰীতে শুৱালকুছি খণ্ড উন্নয়ণ বিষয়া বিপ্লৱ দেউৰী বৰুৱাৰ ৰহস্যজনক নিৰৱতাৰ সুযোগলৈ আঞ্চলিক পঞ্চায়তৰ সচিব কংকণ কলিতা, প্ৰাক্তন সচিব মকিব আলী,সদস্যা কণিকা দাস আৰু একাংশ সদস্যৰ নেতৃত্বত জবকাৰ্ডৰ লাখ লাখ টকা জালিয়াতিৰে বেংকৰ পৰা উলিয়াই আনি এনৰেগাক তেঁওলোকৰ সান্দহ খোৱা বালিলৈ পৰিণত কৰাৰ অভিযোগ আহি পৰিছে।দালালৰূপী এইসকল জনপ্ৰতিনিধিয়ে শুৱালকুছিৰ বিভিন্ন স্থানৰ এনৰেগাৰ অধীনত ভূমি পূৰণৰ আচনি সমূহৰ ক্ষেত্ৰত টেক্টৰ,ডাম্পাৰেৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ বা আন স্থানত অবৈধভাৱে খনন চলাই আঁচনিৰ কাম সম্পূৰ্ণ কৰে আৰু একাংশ জবকাৰ্ডধাৰীৰ নাম ভূৱাকৈ ব্যৱহাৰ কৰি তেঁওলোকক জোৰ জৱদস্তি সাপ্তাহিক দুশ টকাকৈ দি স্বাক্ষৰ কৰাই আচনিৰ ধনৰ ব্যাপক লুণ্ঠণ চলাই আহিছে বুলি একাংশ জবকাৰ্ডধাৰীৰ লগতে সচেতন মহলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।ইয়াৰ লগতে কংকণ কলিতা,মকিব আলি আৰু কণিকা দাস নেতৃত্বাধীন দালাল চক্ৰটোৱে ৰাজনৈতিক প্ৰভাৱ খটুৱাই সকলো বিষয়া কৰ্মচাৰীকে মেনেজ কৰাৰ উপৰিও ভয়-ভাবুকিৰে জবকাৰ্ডধাৰী সকলৰো মুখ বন্ধ কৰি ৰাখি জবকাৰ্ডধাৰী সকলক কামৰ পৰা বঞ্চিত কৰাৰো ভয়াবহ অভিযোগ আহি পৰিছে।এইসকল জনপ্ৰতিনিধিৰ নেতৃত্বত পাহাৰৰ ৰঙামাটিত অবৈধ খনন চলাই ভাৰাতীয়া জবকাৰ্ড ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ ফন্দি পতাৰ অভিযোগ সন্মিলিত বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ অতিৰিক্ত মূখ্য সচিব এম জি ভি কে ভানুৱে ৰাজ্যৰ সকলো বিডিঅ’,জিআৰএচ আৰু এনৰেগাৰ লগত জড়িত সকলো কৰ্মচাৰীলৈ ভাড়াতীয়া জবকাৰ্ড ব্যৱহাৰ নকৰিবলৈ সকীয়নি দিছিল লগতে যদি তেনে কাৰ্য্যত জড়িত থকাৰ প্ৰমাণ পালে চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ দৰে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিব বুলি জনাইছে।গতিকে এতিয়া শুৱালকুছি উন্নয়ণ খণ্ডৰ যিসকল বিষয়া, কৰ্মচাৰী, জনপ্ৰতিনিধিয়ে ঠিকাদাৰী ষ্টাইলত এনৰেগা আঁচনিত লুণ্ঠণ চলাই জবকাৰ্ডধাৰী সকলক বঞ্চিত কৰি আহিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জবকাৰ্ডধাৰী সকলে আহ্বান জনোৱাৰ উপৰিও ৰাজহুৱা ধনৰ লুণ্ঠন চলাই সম্পত্তিৰ পাহাৰ গঢ়া এইসকল জনপ্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শুৱালকুছি আছুৰ সভাপতি দিপাংকৰ শৰ্মাই চৰকাৰ প্ৰশাসনক দাবী জনাইছে।

Related Articles

Leave a Reply

Close