অসমশীৰ্ষ

শোণিতপুৰত চোৰাং কাঠ জব্দ

নিউজ ডেস্ক,প্ৰথম খবৰ: শোণিতপুৰ বন বিভাগ আৰু শোণিতপুৰ জিলা আৰক্ষীৰ যুতীয়া অভিযানত আজি পুৱতি নিশা এখন কাঠভৰ্তী বলেৰ’ পিকআপ বাহন জব্দ কৰা হয়৷ ভালুকপুঙৰ পৰা নিশা কাঠ কঢ়িয়াই অনাৰ গোপনে খবৰ পাইছিল শোণিতপুৰ জিলা আৰক্ষীয়ে৷ উক্ত তথ্যক ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাই চোৰাং কাঠৰ বাহনখন জব্দ কৰে৷ কাঠচুৰি গাড়ীখন খেদি ঠেলামৰাৰ কলাকুছিত জব্দ কৰে আৰক্ষী বাহিনীয়ে৷
জানিব পৰা মতে প্ৰায় ৭০ হাজাৰ টকাৰ মূল্যবান কাঠ কঢ়িয়াই অনা হৈছিল বাহনখনত৷ ঘটনা সন্দৰ্ভত বৰ্তমান শোণিতপুৰ পশ্বিম বন সংমণ্ডলে তদন্ত আৰম্ভ কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close