অসম

শ্যেৰপুৰত ৰেইজ জাতীয় বিদ্যালয়ৰ শুভাৰম্ভী

প্ৰথম খবৰ,খাৰুপেটিয়া: দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত শ্যেৰপুৰ নতুন বজাৰত আজি নতুনকৈ জাতীয় বিদ্যালয়ৰ শুভাৰম্ভনী কৰা হয়। জিলাখনৰ অন্তৰ্গত ভকতপাৰা,লটাঘাট,বটাবাৰী,বালাবাৰী, বগদিয়া,পুনীয়া,কলিতাপাৰা আদি শিক্ষাৰ প্ৰতি পিছপৰি থকা অঞ্চল সমুহত উন্নত মানৰ শিক্ষা দিয়াৰ উদ্দেশ্য অঞ্চলসমূহত থকা কেইবাজনো শিক্ষিত যুৱক ক্ৰমে আলেপ উদ্দীন,মফিজুল হক,ইলিয়াছ আলী,ফৰিজুল হক,আমজাদ আলী,আৰু আব্দুল ৰহিম আদি নিৱনুৱা যুৱকে একত্ৰিত হৈ অংকুৰৰ পৰা পঞ্চম মান শ্ৰেণীৰ লৰা ছোৱালীক শিক্ষা দিয়াৰ বাবে শ্যেৰপুৰ নতুন বজাৰত ৰেইজ জাতীয় বিদ্যালয়ৰ শুভাৰম্ভনী কৰে। ৰেইজ জাতীয় বিদ্যালয়খনৰ শুভাৰম্ভনী কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে,আনহাতে বিদ্যালয়খনৰ পৰিৱেশ,পৰিচালনা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে তিনি শতাধিক অভিভাৱকৰ উপস্থিতিত দৰং জিলা আমছুৰ সভাপতি আলেপ উদ্দীন আহমেদৰ সভাপতিত্বত আয়োজিত মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় আমছুৰ সাধাৰণ সম্পাদক আইনুদ্দিন আহমেদ,ভকত পাৰা এম,ই,মাদ্ৰাছাৰ প্ৰধান শিক্ষক সাহা আলী,কনিষ্ঠ অভিযন্তা হাফিজুৰ ৰহমান।

Related Articles

Leave a Reply

Close