অসমশীৰ্ষ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ গৰিমাত কালিমা সনা সকলে অসমবাসীৰ ওচৰত ক্ষমা খোজকঃশ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰি,প্ৰথম খবৰ:অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মবলিদানৰ বলিদানৰ ফলত স্বাক্ষৰিত অসম চুক্তিৰ আধাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা, সংস্কৃতি বিকাশৰ স্বাৰ্থত গুৱাহাটীৰ পাঞ্জাৱাৰীত তেতিয়াৰ ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন কৰিছিল। অসমৰ জাতীয় অনুষ্ঠান স্বৰূপ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত যোৱা ২১ জানুৱাৰীৰ নিশা অসমীয়া থলুৱা সংস্কৃতিক বিকৃত ৰূপ দি শ্যামকানু মহন্তৰ ট্ৰেণ্ড এম এম এচে ভোগালীৰ বতৰত “ৰঙালী” উৎসৱ পাতি অসমৰ জাতীয় উৎসৱ, কৃষ্টি সংস্কৃতি বিশ্বৰ দৰবাৰত নিয়াৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটোৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে অসমীয়া সমাজখনৰ গৰিমা বিনষ্ট কৰা কাৰ্যত জাঙোৰ খাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চই। আজি শ্ৰী মন্ত শংকৰদেৱ যুৱমঞ্চৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীতিশ ৰঞ্জন পাটগিৰিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চৰ সভাপতি ৰিজু পাঠক,কাৰ্য্যকৰী সভাপতি দিপজ্যোতি চহৰীয়া আৰু সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা উক্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত ৰঙালীৰ আৱেগ ধালি স্বল্পবসনা যুৱতীৰ উদ্যাম নৃত্য গীত পৰিবেশন কৰি অসমীয়া থলুৱা সংস্কৃতি বিকৃত ৰূপত প্ৰতিফলিত কৰি সমগ্ৰ সমাজ খনক লজ্জানত কৰিছে বুুলি কয়। তাৰোপৰি ঐতিহ্যমণ্ডিত কলাক্ষেত্ৰত উক্ত নিশা ৰঙালীৰ উৎসৱত একাংশ ভব্য গব্য ব্যক্তিয়ে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৱিত্রতা বিনষ্ট কৰি সুৰা,মাংসৰ দৰে ৰাগিয়াল বস্তু সেৱন কৰি সংস্কৃতিৰ নামত এক বিভৎস পৰিবেশৰ সুচনা কৰি মহাপুৰুষ গুৰুজনাৰ নামেৰে নামাংকিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মান মৰ্য্যাদা কুলসিত কৰাৰ অধিকাৰ এওঁলোকক কোনে দিলে বুলি সংগঠনটোৰ নেতৃত্বই মুকলি প্ৰশ্ন উত্থাপন কৰিছে বুলি যুৱমঞ্চৰ কেন্দ্ৰীয় সম্পাদক জনে উল্লেখ কৰে। লগতে শ্যামকানু মহন্তক ৰাজহুৱা ভাৱে ক্ষমা খুজিবলৈ আহ্বান জনায়। অন্যথা অসমীয়া সমাজ খনে তেওঁক কোনো কালে ক্ষমা নকৰে বুলি শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চই স্পষ্ট কৰি দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close