অসম

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আঠখেলীয়া অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বীৰাংগনা সতী সাধনী ক্ষেত্ৰৰপৰা অজয় শইকীয়া,নগাবাট:বৰ অসম নিৰ্মাণ প্ৰক্ৰিয়াত চুতীয়া জাতিৰ এটা উল্লেখযোগ্য ইতিসাহ আছে। উন্নত মানৱ সম্পদ হিচাপে চুতীয়া জাতি পৰিচিত। গতিকে, এই চুতীয়া জাতিয়েই আগন্তুক দিনত অসমীয়া জাতিৰ বাটকটীয়াৰ ভূমিকা পালন কৰিব লাগিব। গোলাঘাট জিলাৰ আঠখেলীয়াত অনুষ্ঠিত হোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশনৰ আজি সামৰণি দিনটোৰ মুকলি আৰু স্মৃতি গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমীয়া জাতীয় জীৱনৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। গতিকে আমি বিশ্বাস কৰো আগন্তুক দিনত উঠি অহা প্ৰজন্মই উন্নত শিক্ষা গ্ৰহণেৰে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হৈ এটা উন্নত জাতি গঠন প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিব লাগিব। আনহাতে, শিক্ষক-শিক্ষয়ত্ৰী, পিতৃ-মাতৃ সকলেও এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিব লাগিব। গুৰুজনাৰ বাণী সুৱৰি ভাষণ প্ৰসংগত তেওঁ এইদৰেও উল্লেখ কৰে যে, সমন্বয়ৰ যোগেদিহে আমি শক্তিশালী হ’ব পাৰিম। সংঘাতেৰে নহয়। এই বাণীৰেই আমি সমগ্ৰ অসমীয়া জাতিটোৱে মানবীয় অনুভূতিৰে আমাৰ ভৱিষ্যত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। সভাতে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত চুতীয়া ছাত্ৰ সন্থাই দাবী কৰা এটা ছাত্ৰাবাসৰ বাবে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণৰূপে আৰ্থিক সাহাৰ্য আগবঢ়াব বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, মাহমৰা সমষ্টিৰ বিধায়ক তথা সদৌ অসম চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি শৰত শইকীয়াই উদ্বোধন কৰা আজিৰ এই সভাত সন্মানীয় অতিথি হিচাপে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু আমন্ত্ৰিত অতিথি হিচাপে সংযুক্ত মুক্তি বাহিনী অসমৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, বড়ো ৱ’মেন জাষ্টিচ ফ’ৰামৰ সম্পাদিকা অঞ্জলি দৈমাৰী, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ জিতেন শইকীয়া, চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি বিতোপন শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি উদয় শংকৰ মহন, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ৰাজখনিকৰ, প্ৰাঞ্জল শইকীয়া, সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোঁহাই আদি কেইবাজনো লোকে অংশগ্ৰহণ কৰে। সভাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে গোলাঘাট বিধান সভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগে।

উল্লেখযোগ্য যে, ২৭ জানুৱাৰীৰ পৰা আঠখেলীয়াত চাৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনখনৰ প্ৰতিটো দিনতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছিল। কেইবা শতাধিক বিপনী, আকৰ্ষণীয় সতী সাধনীৰ প্ৰতিকৃতি আৰু চুতীয়াৰ বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণেৰে এক সমন্বয় ক্ষেত্রত পৰিণত হৈছিল এই অধিবেশনস্থলী।

Related Articles

Leave a Reply

Close