অসমসাহিত্য

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা ঘোষণা

নিউজ ডেস্ক,প্ৰথম খবৰ: সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে বিভিন্ন শিতানৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে।সমিতিৰ স্বৰ্ণ বৰুৱা গগৈ আৰু মামণি ভূঞা হাজৰিকাই জনোৱা অনুসৰি গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক ডঃ লীলাৱতী শইকীয়া বৰাক কাব্যভাৰতী নলিনীবালা দেৱী বঁটা, যোৰহাটৰ বিশিষ্ট সাহিত্যিক বিনীতা দত্তক পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, মৰাণৰ বিশিষ্ট সাহিত্যিক ডঃ সুখ বৰুৱাক সমাজৰত্ন আৰতি শইকীয়া সোঁৱৰণী সমাজ-সাহিত্য বঁটা, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য আৰু গুৱাহাটীৰ বিশিষ্ট কবি অনুপমা বসুমতাৰীক লেখিকা সমাৰোহ সাহিত্য বঁটা-২০১৬-১৭, শিমলুগুৰিৰ বিশিষ্ট শিশু সাহিত্যিক স্নিদ্ধাৰাণী গগৈ আৰু জাগীৰোডৰ বিশিষ্ট শিশু সাহিত্যিক অকণ দেৱীক বীণা শৰ্মা স্মৃতি শিশু সাহিত্য বঁটা ২০১৬-১৭ আৰু সম্প্ৰীতি শইকীয়া স্মৃতি শিশু সাহিত্য বঁটা -২০১৬-১৭ লখিমপুৰৰ বিশিষ্ট শিশু সাহিত্যিক ক্ষীৰদা কাকতিলৈ আগবঢ়োৱা হ’ব।উল্লেখ্য যে,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৩০ জানুৱাৰীত সামৰণি পৰিবলগীয়া সপ্তবিংশতিতম টিহু অধিবেশনৰ মুকলি সভাত উক্ত বঁটাসমূহ প্ৰদান কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close