অসমউত্তৰ পূবযুৱশীৰ্ষৰাষ্ট্ৰীয়

সমাগত গণতন্ত্ৰ দিৱস উপলক্ষে তৎপৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰী,প্ৰথম খবৰ: সমাগত ২৬ জানুৱাৰী তথা ৬৯ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে বৰপেটা জিলাৰ আৰক্ষী প্ৰশাসনে ব্যাপক ভাৱে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ নিৰ্দেশত জিলাখনৰ সৰভোগ, কলগাছীয়া, বৰপেটা ৰোড, পাঠশালা, হাউলী আদি ঠাইত  আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷

জানিব পৰা মতে বিভিন্ন ঠাইত দুচকীয়া বাহন, বাছ গাড়ী, সৰু যান-বাহন আদিতো তালাচী অভিযান তীব্ৰতৰ কৰি দুস্কৃতিকাৰীক চিনাক্ত কৰাৰ বাবে আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে। লগতে জিলাখনৰ নদী পথ আৰু ৰেল পথ সমূহতো আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। আনহাতে কিছুমান ঠাইত অৰ্দ্ধ সামৰিক আৰু সামৰিক বাহিনীৰ জোৱান সকলে দিনে নিশাই তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইপিনে কোনো সন্দেহ জনক ব্যক্তি অথবা গৰাকী বিহীন বেগ দেখা পালে তৎক্ষণাত আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ জিলাখনৰ সকলো পক্ষকে আৰক্ষী অধীক্ষক জনে আহ্বান জনাইছে৷

Related Articles

Leave a Reply

Close