অসমবৰপেটা

সহকৰ্মীয়ে কৰা শাৰীৰিক নিৰ্যাতনৰ প্ৰতিবাদত অামৰণ অনশনত বহিল বিষয় শিক্ষক

প্ৰথম খবৰ, বৰপেটাঃ এইখন বিচিত্ৰ অসমৰে বিচিত্ৰ ঘটনা এইয়া৷ তেনে এক বিচিত্ৰ ঘটনা ঘটিল বৰপেটাৰ ভেল্লাত৷ এগৰাকী বিষয় শিক্ষকৰ আমৰণ অনশন৷ কিন্তু আপুনি জানি আচৰিত হ’ব এই আমৰণ অনশন নহয় চৰকাৰৰ বিৰুদ্ধে৷ তেন্তে কিহৰ প্ৰতিবাদত বিষয় শিক্ষকগৰাকীয়ে আমৰণ অনশনৰ দৰে কঠোৰ পন্থা ল’ব লগা হ’ল ? বৰপেটা চহৰৰ নিকটৱৰ্তী ভেল্লাত অৱস্থিত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ এইখন বিদ্যালয়তে আজি পুৱাৰে পৰা সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি৷ বিদ্যালয়খনত গোট খাইছে স্থানীয় ৰাইজ, অভিভাৱক৷ বিদ্যালয়খনৰে এগৰাকী বিষয় শিক্ষকে আজি পুৱাৰে পৰা নামি পৰিছে আমৰণ অনশনত৷ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিষয়ৰ বিষয় শিক্ষক দীপক বসাকৰ এই সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছে৷

উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতিকে জনপ্ৰিয় দীপক বসাকে সদায় ছাত্ৰ-ছাত্ৰীসকলৰ হকে মাত মাতি আহিছিল৷ ঠিক তেনেদৰেই বিদ্যালয়খনৰ এই বৰ্ষৰ নাম ভৰ্তি মাছুল ৩৫০ টকাৰ পৰা ৭১০ টকালৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত আপত্তি জনাইছিল বিষয় শিক্ষক দীপক বসাকে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ হৈ মাত মাতিবলৈ গৈ হিতে বিপৰীতহে হ’ল দীপক বসাকৰ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰিয়ে অৱশেষত শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হ’ল বিষয় শিক্ষক দীপক বসাক৷ বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে আন দুগৰাকী বিষয় শিক্ষক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লগ লাগি বিদ্যালয়খনৰ এটা কোঠাত দীপক বসাকক আৱদ্ধ কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ যাৰ ফলত দীপক বসাকে বৰপেটা মেডিকেল কলেজ হাস্পতালত দুদিন ধৰি চিকিৎসাধীন হ’বলগীয়া হয়৷ পৰৱৰ্তী সময়ত নিজৰ বিদ্যালয়ৰে অধ্যক্ষ তথা সহকৰ্মীৰ হাতত প্ৰহৃত দীপক বসাকে যোৱা ১৪ ডিচেম্বৰত বৰপেটা সদৰ থানাত উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷ কিন্তু ৰহস্যজনকভাৱে আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা আৰু সহকৰ্মীয়ে কৰা অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি বিষয় শিক্ষক দীপক বসাকে আমৰণ অনশনত বহে৷ আনকি আৰক্ষীয়ে বলপূৰ্বকভাৱে দীপক বসাকৰ অনশন ভংগ কৰোৱাৰ অপচেষ্টা চলায় যদিও আৰক্ষীৰ এই কাৰ্যত স্থানীয় ৰাইজে বাধা আৰোপ কৰে৷ অৱশেষত ৰাইজৰ হেচাত আৰক্ষীয়ে অনশনথলীৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়৷ অৱশেষত আজি বিয়লিৰ ভাগত বৰপেটা সদৰ থানাৰ পৰা যোৱা আৰক্ষীৰ দল এটাই দীপক বসাকক বৰপেটা সদৰ থানালৈ লৈ আনে৷ আনহাতে, নিজৰ সিদ্ধান্তত অটল আছে বিষয় শিক্ষক দীপক বসাক৷ ন্যায় নোপোৱালৈকে তথা শিক্ষামন্ত্ৰীয়ে নিজে উপস্থিত নোহোৱালৈকে এই আমৰণ অনশনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে দীপক বসাকে৷ এতিয়া প্ৰশ্ন হয় ন্যায় পাবনে দীপক বসাকে৷ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈও সহকৰ্মীৰ প্ৰতি সহকৰ্মীৰ হিংসাৰ মনোভাৱে আজিৰ সমাজৰ কোনখন ছৱি উদঙাই দিছে, তাক লৈ এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে বিদ্বৎ মহলত৷

Related Articles

Leave a Reply

Close