শেহতীয়া
Home / অসম / সূদূৰ মালেয়ছিয়াত আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল অসম সন্তান হিৰণ্য

সূদূৰ মালেয়ছিয়াত আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল অসম সন্তান হিৰণ্য

বিহালীৰপৰা অম্লান কাশ্যপ চাহা,প্ৰথম খবৰ:যোৱা ২৭ ডিচেম্বৰ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ হিৰণ্য হাজৰিকা মালেয়ছিয়ালৈ উৰা মাৰিছিল এক গুৰুত্বপূৰ্ণ সন্মিলনত ভাগ ল’বলৈ।
উল্লেখযোগ্য যে,উক্ত সন্মিলনত হিৰণ্যই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ পাইছিল।হিৰণ্যই বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয়ৰ ওপৰত এক বিশেষ প্ৰতিবেদন উপস্থাপন কৰিছিল।তিনিখন দেশৰ মাজত হোৱা সন্মিলনখনত ক্ৰমে ভাৰত,মালেয়ছিয়া আৰু ছিংগাপুৰে অংশগ্ৰহণ কৰিছিল।যোৱা ৩০ ডিচেম্বৰৰ সন্ধিয়া মালেয়ছিয়াৰ অমন চাৰি ৰিজৰ্টত হোৱা এক বিশেষ অনুষ্ঠানত হিৰণ্যক The Award of Appreciation and Recognition অৰ্থাৎ এক আন্তৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে মালেয়ছিয়াৰ অন্যতম সংস্থা “চিথি গ্লোবেল” সংস্থাই।হিৰণ্য বৰ্তমান অসমৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা মৰ্নিং ক্লাবৰ স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব।হিৰণ্য বিহালীৰ বেদেতী নিবাসী অভিযন্তা ৰমেশ হাজৰিকা আৰু লক্ষী হাজৰিকাৰ পুত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*