অসমউত্তৰ পূবশীৰ্ষ

সোণতলীত কিশোৰ সন্ধানহীন

নিউজ ডেস্ক,প্ৰথম খবৰ:দক্ষিণ কামৰুপ জিলাৰ সোণতলীত এটা কিশোৰ নিখোজৰ ঘটনাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।সন্ধানহীন কিশোৰজনৰ নাম খবিৰ উদ্দিন।ইতিমধ্যেই পৰিয়ালৰ লোকে আৰক্ষীক ওচৰত ঘটনাটো সদৰী কৰে।স্থানীয় ৰাইজে উক্ত ঘটনাটো অপহৰণ কাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে সন্ধানহীন কিশোৰজন যোৱা ৪ জানুৱাৰী তাৰিখে আইতাকৰ ঘৰলৈ গৈছিল আৰু তেতিয়াৰে পৰাই নিখোজ হৈ আছে কিশোৰজন।বৰ্তমানলৈ খবিৰৰ কোনো সন্ধান পোৱা পৰিয়ালৰ লোকে।আৰক্ষী তথা পৰিয়ালৰ লোকে নিখোজ ল’ৰাজনৰ কোনোৱে সন্ধান পালে  ৯৮৫৪৩ ৫০৪৫৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close