
সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:যিটো সময়ত চছিয়েল মিডিয়াৰ নেতিবাচক ধাৰণাই ৰাইজক বিভ্ৰান্ত কৰি আহিছে তেনে সময়তে চৰাইদেউৰ কেইজনমান যুৱকে অনুভৱী নামেৰে চছিয়েল মিডিয়াত এক গোট গঠন কৰি সমগ্ৰ অসমৰ কাব্য প্ৰেমী ৰাইজৰ মাজত বিশেষ ভাবে জনপ্ৰিয় হৈ পৰিছে। গোটটোৰ উদ্যোগত আয়োজিত এক কবিতা প্ৰতিযোগিতাত ডুলিয়াজান বিশিষ্টা কবি ৰীণা দত্তক অনুভৱী বটাঁ প্ৰদান কৰা হয়। বটাঁ প্ৰদান অনুষ্টানৰ লগত সংগতি ৰাখি সোণাৰিৰ আবৰ্ত ভৱনৰ সভা কক্ষত আয়োজিত সভাৰ সভাপতিত্ব কৰে অসম বিহুৱা সন্মিলনৰ প্ৰবিত্ৰ মহন ফুকনে। সভাৰ উদ্বোধন কৰে চৰাইদেউ জিলা প্ৰশাসনৰ হৈ অজিত চাংকাকতীয়ে।সভাত অসমৰ বিশিষ্ট কবি তপন বৰুৱাৰ সঞ্চালনাত কবিতাৰ এবেলা শীৰ্ষক এক কবিতা পাঠৰ অনুষ্ঠানেৰে কাৰ্য্যসূচী সামৰণি মৰা হয়।