Home / অসম / হৃদপিণ্ডত পানী জমা হৈ মৃতুৰে যুঁজিছে মাজুলীৰ মেধাৱী ছাত্ৰ অম্লানজ্যোতিয়ে

হৃদপিণ্ডত পানী জমা হৈ মৃতুৰে যুঁজিছে মাজুলীৰ মেধাৱী ছাত্ৰ অম্লানজ্যোতিয়ে

মাজুলীৰপৰা প্ৰাঞ্জাল খাউণ্ড,প্ৰথম খবৰ: মাজুলী জিলাৰ ৰতনপুৰ নিৱাসী প্ৰফুল্ল বৰাৰ এক মাত্ৰ পুত্ৰ সন্তান মেধাৱী ছাত্ৰ অম্লানজ্যোতি বৰা যোৱা বছৰ জুন মাহৰ পৰা এক দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃতুৰে যুঁজিছে৷দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ লাম লাকটু বিক্ৰী কৰি,ঘৰৰ মাটি বাৰি সকলো বিক্ৰী কৰি যোৰহাট,গুৱাহাটী আৰু অসমৰ বাহিৰলৈও অম্লানক নিছিল যদিও টকাৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰি পুনৰ ঘৰলৈ লৈ আহিব লগা হয়৷ক্ৰমে মৃতুৰ মুখলৈ গতি কৰা পুত্ৰৰ মূখ মুখৰ আগত লৈ প্ৰতি দিনাই হিয়া ভুকুৱাই কান্দিছে মাতৃ পিতৃয়ে,দৰিদ্ৰতাৰ বাবেই অৰ্থৰ অভাবত নিজ পুত্ৰৰ মৃত্যু মুখি যাত্ৰৰ সাক্ষী আজি তেওলোক নিজে৷পৰিয়াল তথা স্থানীয় ৰাইজে বিছাৰিছে অসম বাসিৰ সহায়,ইতিমধ্যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজিৰে পৰা মাজুলীৰ মহাবিদ্যলয়,চৰকাৰি অনুস্থান সমূহত দান পাত্ৰ তৈয়াৰ কৰি অৰ্থ সংগ্ৰহত নামি পৰিছে৷মূখ্যমন্ত্ৰীৰ নিজা সমষ্টিত এতিয়া দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ২২ বছৰীয়া এই মৃত্যুমুখি যাত্ৰাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় বিষয়৷স্থানীয় লোকৰ এটাই আহ্বন অসম বাসিয়ে আৰ্থিক ভাবে সহায় কৰিলে মেধাবি ছাত্ৰ জনে লাভ কৰিব নতুন জীৱন,সকলোৱে সহায় কৰক এই দৰিদ্ৰ ছাত্ৰ জনক৷ইচ্ছুক লোকে সহায় কৰিব বিচাৰিলে অম্লানজ্যোতিৰ নামত থকা UBI বেংকৰ একাউন্ত নম্বৰ 1320010399234 / IFSC Code : UTBIOBNAH12 ত অৰ্থ দান কৰিব পাৰিব৷অধিক জানিবৰ বাবে 9954321470 , 8011552355, 8471896580 নম্বৰত যোগাযোগ কৰিব পাৰিব৷অসম বাসীলৈ এটাই আহ্বান আপোনালোকৰ সহায়ত এই ২২ বছৰীয়া চফল ডেকা জনে লাভ কৰিব নতুন জীৱন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*