অসম

১৫২ নং চি আৰ পি এফৰ দ্বাৰা আগিয়াত বিদ্যালয় আৰু দুখীয়া ৰাইজক দ্ৰব্য বিতৰণ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ;প্ৰথম খবৰ :কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সংক্ষেপে চি আৰ পি এফৰ ১৫২ নং বি এন বাহিনীয়ে জনহিতৈষীমূলক উদ্দেশ্য সৎ ভাৱনা মিছন জনকল্যাণমূলক কাৰ্যসূচী মৰ্মে আজি দিনৰ ১০:৩০ বজাৰ পৰা গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত আগিয়া যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ৬ খন গাঁওৰ মুঠ ২৪ টা দুখীয়া পৰিয়ালৰ মাজত ৬ টা সৌৰ শক্তি চালিত বিজুলী বাতি আৰু ১৮ টা পানী নিষ্কাষণ ফিল্টাৰ প্ৰদান কৰাৰ লগতে ৬ খন প্ৰাথমিক বিদ্যালয়ক ৫০০ লিতাৰৰ পানী জমা টেংকী প্ৰদান কৰে চি আৰ পি এফৰ কামাণ্ডাৰ মিঠিলেশ কুমাৰে ।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে ১৫২ নং বি এন , চি আৰ পি এফৰ কামাণ্ডাৰ মিঠিলেশ কুমাৰৰ লগতে এচিষ্টেণ্ড কামাণ্ডেণ্ট ৰাজেশ কুমাৰ , ইন্সপেক্টৰ জোছৱন্ত সিং আৰু সুন্দৰ সিং ডাঙৰীয়াই । ভাষণ প্ৰসংগত তেওঁলোকে কয় যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মূল লক্ষ্যই হল সাধাৰণ ৰাইজৰ মাজত শান্তি আৰু সম্প্ৰতি বজাই ৰখাৰ লগতে দুখীয়া ৰাইজক সহায় সহযোগিতা কৰা ,আনহাতে ৰাইজেও তেওঁলোকক এই ক্ষেত্ৰত প্ৰতিটো দিশতে সহায় সহযোগিতা কৰি নিজ নিজ অঞ্চলত শান্তিৰে জীয়াই থকাৰ লগতে শান্তি শৃংখলা বজাই ৰখাটো বিচাৰে । বছৰৰ বাৰোমাহে তেওঁলোকে এনকৈ সহায় সহযোগিতা আগবঢ়াই থাকিব বুলিও ভাষণ প্ৰসংগত প্ৰকাশ কৰে৷

Related Articles

Leave a Reply

Close