অসম

৩১ জানুৱাৰীত কামাখ্যা দৰ্শন কৰিব নোৱাৰিব ভক্তই

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:গুৱাহাটীস্থিত কামাখ্যা মন্দিৰৰ দূৱাৰ কালিলৈ ৩১ জানুৱাৰীত আবেলিৰ পৰা বন্ধ থাকিব। মন্দিৰৰ কতৃপক্ষই জনোৱা অনুসৰি সেইদিনা বুধবাৰে চন্দ্ৰগ্ৰহণ বাবে মন্দিৰৰ দূৱাৰ ৰাতিপুৱা দৈনন্দিন পুজাৰ পাছত খুলি দূপৰীয়া ১ বজাত ভোগ নিবেদন কৰা হ’ব আৰু তাৰ পিছত আবেলি ৩ বজাত সেইদিনাৰ বাবে মন্দিৰৰ দূৱাৰ বন্ধ কৰা হ’ব। তাৰোপৰি উক্ত দিনা আবেলি বিশেষ দৰ্শনৰ বাবে সুকীয়া টিকট আৰু প্ৰতিৰক্ষা বাহিনীৰ টিকটো বন্ধ থাকিব বুলি মন্দিৰ কমিটিৰ তৰফৰ পৰা ৰিদিপ শৰ্মাই সাংবাদিকক জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close